নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৮ বছৰ কটোৱা পৈতৃক ঘৰটো এৰিব সৌৰভ গাংগুলীয়ে

বিশেষ বাৰ্তা, ২৩ মাৰ্চঃ বিচিচিআইৰ সভাপতি তথা ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে নতুন ঘৰ এটা ক্ৰয় কৰিছে। মধ্য কলকাতাৰ এই ঘৰটো ৪০ কোটি টকাত কিনা বুলি কোৱা হৈছে। সংবাদ মাধ্যমৰ মতে, প্ৰায় ১৭ হাজাৰ বৰ্গফুট এলেকাত নিৰ্মিত এই দুমহলীয়া ঘৰটো ভাঙি অতি সোনকালে নতুন ঘৰ নিৰ্মাণ কৰা হ’ব। সৌৰভ গাংগুলীয়ে সম্প্ৰতি পৰিয়ালৰ সৈতে নিজৰ পূৰ্বপুৰুষৰ ঘৰটোতে বাস কৰে, যিটো বেহালাৰ বীৰেণ ৰয় ৰোডত অৱস্থিত। এইখন ঘৰতে তেওঁ শৈশৱ-কৈশোৰ পাৰ কৰিছে। পুৰণি ঘৰটোৰ লগত বহু স্মৃতি জড়িত হৈ আছে। নিজৰ ঘৰটো কিনি বৰ সুখী গাংগুলী। চহৰৰ মাজমজিয়াত থাকিব পাৰিলে জীৱনটো সহজ হ’ব, কিন্তু ৪৮ বছৰ কটোৱা ঘৰটোৰ পৰা ওলাই যোৱাটোও সমানেই কঠিন হ’ব৷ সৌৰভ গাংগুলীৰ বাহিৰেও অট্টালিকাৰ কাগজত তেওঁৰ মাতৃ নিৰূপা, পত্নী ডোনা আৰু কন্যা ছানা সহ-মালিক হিচাপে আছে।

You might also like