জোনাইত নৈপৰীয়া ৰাইজৰ জীৱনক লৈ হেতালি ঠিকাদাৰৰ
কমিছনৰ অংকত সম্পূর্ণৰূপে বালিৰে পথ মেৰামতি ঠিকাদাৰ গড়কাপ্তানি বিভাগ মুখ্য অভিযন্তা গড়কাপ্তানী (পথ) বিভাগলৈ আছুৰ স্মাৰক পত্ৰ প্ৰেৰণ
নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃধেমাজি জিলাৰ জোনাইত যােৱা বানত চিয়াং নদীৰ বানে সর্বাধিক ধ্বংস লীলা চলােৱা বেৰাচাপৰি অঞ্চলত পথ মেৰামতি কৰাৰ নামত ব্যয়গোম দুর্নীতি। চিয়াং নদীৰ প্রলংকাৰী বানে তচনচ কৰা পথসমূহ পুনৰ মেৰামতিৰ নামত সম্পূর্ণ দুর্নীতিত নামিছে জোনাই গড়কাপ্তানী বিভাগ আৰু ঠিকাদাৰে।জোনাইৰ লুহিজানৰ পৰা ৰোহিতপুৰ দেউৰী হৈ বেৰাচাপৰিলৈ যােৱা পথটো যােৱা বানত সম্পূর্ণৰূপে বিধ্বস্ত হােৱাত গড়কাপ্তানী বিভাগৰ অধীনত বর্তমান পথটো পুনৰ মেৰামতিৰ কাম চলি আছে যদিও ঠিকাদাৰে পথ মেৰামতিৰ নামত সম্পূর্ণৰূপে বালিৰে নির্মাণ কৰি নামিছে দুর্নীতিত।
ইফালে লুহিজান ঘাটৰ দুখনকৈ পকী দলঙৰ দুইমূৰ কোনােধৰণৰ টানমাটি নলগােৱাকৈ অকল বালিৰে পুৰণ কৰাত বাৰিষাত চিয়াং নদীৰ বানৰ কথাটো বাদেই, সাধাৰণ বৰষুণতে পথটো পুনৰ বিধ্বস্ত হােৱাৰ পূর্ণ সম্পূর্ণ সম্ভাবনাই দেখা দিয়াত শংকিত হৈ পৰিছে অঞ্চলটোৰ ভুক্তভােগি ৰাইজে। উক্ত পথটো মেৰামতিৰ নামত ঠিকা লাভ কৰা চতিশ আগৰৱালাৰ পৰি জোনাইৰ শ্যামল চৰকাৰ নামৰ এগৰাকী ঠিকাদাৰে কামটো কৰা বুলি জানিব পৰা গৈছে। ইফালে ঠিকাদাৰ শ্যামল চৰকাৰৰ মতে বালিৰেহে কৰিব লাগে আৰু বালিৰে বেচি ভাল হৈ পথ মেৰামতিৰ কাম। জানিব পৰামতে শ্যামল চৰকাৰ নামৰ এইগৰাকী ঠিকাদাৰে গড়কাপ্তানী বিভাগৰ বিষয়া অভিযন্ত্রা, জোনাইৰ বিধায়ক ভূৱন পেগু, সাংসদ প্রদান বৰুৱাৰ লগতে স্থানীয় জাতীয় সংগঠনৰ সৈতে অতিকৈ ঘণিষ্ঠ সম্পর্ক থকাৰ বাবেই নৈপৰীয়া ৰাইজৰ জীৱনক লৈ হেতালি খেলি এনেদৰে বালিৰে পথ নির্মাণ কৰি সাহস প্রদর্শন কৰি ৰাইজক বুঢ়া আঙুলি দেখুৱালৈ।
ইফালে বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাই উক্ত বালিৰে নির্মাণ কৰা পথৰ ওপৰত এক উচিত তদন্ত কৰি দোষী ঠিকাদাৰ, বিভাগীয় অভিযন্তাৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবীত মুখ্য অভিযন্তা গড়কাপ্তানী (পথ) বিভাগলৈ জোনাই মহকুমাধিপতিৰ জৰিয়তে বাহিৰ জোনাই আঞ্চলিক ছাত্র সন্থাৰ সভাপতি মোদিনী দলে আৰু সাধাৰণ সম্পাদক চন্দ্ৰ কান্ত বৰুৱাৰ স্বাক্ষৰিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰি উচিত তদন্তৰ দাবী জনাইছে ।