জোনাইৰ গালীত ড্ৰাগছৰ ঘাটী উচ্ছেদ
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ সমগ্ৰ ৰাজ্যখনত কৰোণা ভাইৰাছৰ আতংক বিৰাজ কৰি থকা সময়তে ধেমাজি জিলাৰ জোনাই আৰক্ষী থানাৰ অন্তৰ্গত গালী চিকাৰীত এটা বৃহৎ ড্ৰাগছৰ ঘাটি উদ্ধাৰ হোৱা ঘটনাই অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলটোত চাঞ্চ্যলৰ সৃষ্টি হৈছে।ঘটনাৰ বিৱৰণী অনুসৰি কিছুদিন আগৰ পৰাই জোনাই আৰক্ষী থানাৰ গালী চিকাৰী অঞ্চলৰ লালী নদী পাৰৰ সাধু ঘাটস্থিত ঘন জাৰণিলৈ বিলাসী গাড়ীৰ সৈতে যুৱকৰ সঘন আহযাহ চলি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ মাজত সন্দেহ ঘনীভূত হৈছিল। কালিও সন্ধিয়া চিকমিক সময়ত এখন ডাষ্টাৰ,এখন কাৰ বাহন আৰু তিনিখনকৈ মটৰ চাইকেল বৰং শান্তিপুৰ সংযোগী পথৰ পৰা বৰং কৃঞ্চপুৰ গাওঁ হৈ সাধু ঘাটলৈ যোৱাৰ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।
টিএমপিকে আৰু এমএমকেৰ গালী চিকাৰী আঞ্চলিক সমিতিৰ উদ্যোগত গালীত কৰোণা মহামাৰী বিষয়ত সজাগতা সৃষ্টিৰ উদ্দেশ্যি এখন সভা চলি থকা সময়তে স্থানীয় প্ৰত্যক্ষদৰ্ক্ষী ৰাইজে গালী আঞ্চলিক টিএমপিকে,এমএমকেক খবৰ দিয়াৰ লগে লগে মিচিং জাতীয় সংগঠন দুটাৰ বিষয়ববীয়া,কৰ্মীয়ে সন্ধিয়া ৬-৩০ বজাত সাধু ঘাটত উপস্থিত হৈ ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত অঞ্চলটো ঘেৰাও কৰে।ঘটনাস্থলীত বুজন পৰিমাণৰ ড্ৰাগছ, ভাং,কানি আদি জব্দ কৰি বাৰজনকৈ ড্ৰাগছ সেৱনকাৰীক আটক কৰিবলৈ সক্ষম হয় টিএমপিকে গালী আঞ্চলিকৰ সভাপতি পদ্ম মেদক, সম্পাদক দিপক দলে, এমএমকেৰ গালী আঞ্চলিকৰ সভাপতি উমা পেগু, সম্পাদক পূৰ্ণ পেগু, জোনাই জিলা টিএমপিকেৰ নেতা অমৃত কুম্বাঙৰ নেতৃত্বত যোৱা দলটোৱে।
ঘটনা সম্পৰ্কে জোনাই আৰক্ষীক খবৰ দিয়াৰ পিছত জোনাই মহকুমা আৰক্ষী বিষয়া ঋতুৰাজ দলেৰ নেতৃত্বত অহা আৰক্ষীৰ দলে ড্ৰাগছৰ ঘাটি উৎখাত কৰি চাৰে দহ গ্ৰাম হিৰ’য়িন,বুজন পৰিমাণৰ কানি,ভাঙসহ আটাইকেইজন অপৰাধীক আটক কৰি জোনাই থানালৈ লৈ যায়। আটকৃত অপৰাধী কেইজন হৈছে অভিজিৎ কাৰ্দং(২৯)টাক’ গিটুং,লাইমেকুৰী, বিপুল দলে (৩০)টাক’ গিটুং, লাইমেকুৰী, সঞ্জয় দলে (৩০)আগম দঃলুং,জোনাই, বাপন দাস (৩২)২ নং মূৰ্কংচেলেক, ললাদ পেগু(২৪)জোনাই বজাৰ, পেৰনিজ আলম(২৩)জোনাই বজাৰ, ভৱেশ মিলি(৩৩)কমলপুৰ, জোনাই, জীৱকাস দলে(৩৩)জোনাই বজাৰ, প্ৰভূ আগৰৱালা(৩১)নেপালী বস্তি,জোনাই,অঙ্গাৰাম ৰোনাল সিং(৩১)ফাইং,লামচাং,মণিপুৰ,ভাস্কৰ দলে(৩৩)গান্ধী নগৰ, জোনাই আৰু বিবেক ঠাকুৰ(৩০)জোনাই বজাৰ। জোনাই আৰক্ষীয়ে ৭৭/২০২১ ইউ এছ ২১(বি)/১৮(চি)২৭(এ)এনডিপিএছ আইনৰ অধীনত গোচৰ ৰুজু কৰি লাইমেকুৰী টাক’ গিটুং গাঁৱৰ অভিজিৎ কাৰ্দং আৰু বিপুল দলেক জেল হাজোতলৈ প্ৰেৰণ কৰিছে। উঠি অহা প্ৰজন্মৰ মাজত ড্ৰাগছৰ পয়োভৰ বৃদ্ধি পোৱাৰ ঘটনাই জোনাই মহকুমাৰ সচেতন মহলত চিন্তাৰ উদ্ৰেক ঘটিবলৈ ধৰা পৰিলক্ষিত হৈছে।
যুৱ প্ৰজন্মৰ ভৱিষ্যত ধ্বংসকাৰক নিচাযুক্ত ড্ৰাগছ সৰবৰাহকাৰী আৰু মানসিক ৰোগাক্ৰান্ত ড্ৰাগছ সেৱনকাৰীৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান চলাই কঠোৰ ব্যৱস্থা হাতত লবলৈ জোনাই জিলা টিএমপিকেৰ সভাপতি কান্দা টায়েং, সম্পাদক বিধান মিলি, জোনাই জিলা এমএমকেৰ সভাপতি মুক্তিনাথ পেগু, সম্পাদক দীননাথ পেগু, ধেমাজি জিলা এবছুৰ সভাপতি লখেন বসুমতাৰী, সাধাৰণ সম্পাদক উদাং বি বডোছা,জোনাই জিলা ট্ৰাইবেল সংঘৰ সভাপতি অজিত ৰেগন,উপ সভাপতি মনোৰঞ্জন বসুমতাৰী, সাধাৰণ সম্পাদক পদ্মেশ্বৰ দলে, ধেমাজি জিলা ইউবিপিঅৰ সভাপতি ৰাতিৰাম বসুমতাৰী, সাধাৰণ সম্পাদক দিপাঙ্কৰ নাৰ্জাৰী, ধেমাজি জিলা আবৌফৰ সভানেত্ৰী ফুলেশ্বৰী দৈমাৰী, গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ জোনাই জিলা সমিতিৰ সভাপতি ঘন পাইত,সাধাৰণ সম্পাদক জিন্তু বৰদলৈ,আদিবাসী ছাত্র সন্থাৰ জোনাই আঞ্চলিকৰ সভাপতি গণেশ কুৰ্মী,সাধাৰণ সম্পাদক সুশীল ওৰাঙ, ৰাভা ছাত্র সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি গকুল ৰাভা, সাধাৰণ সম্পাদক মুনিম ৰাভাই আৰক্ষী প্ৰশাসনক দাবী জনাইছে।