জোনাইত অপহৃত শিশু কুমকুমক অৰুণাচলত উদ্ধাৰ
অপহৰণ কাণ্ডত ব্যৱহৃত বাহন জব্দ, অপহৰণকাৰীক বিচাৰি আৰক্ষীৰ অভিযান তীব্ৰতৰ
নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ যোৱা নিশা জোনাইত অপহৰণ কৰা শিশুটিক আজি অৰুণাচলত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জোনাইৰ মহকুমা আৰক্ষী বিষয়া কাৰ্যালয়ৰ সমীপত তথা গান্ধী ময়দানৰ কাষৰ পৰা বুধবাৰ সন্ধিয়া প্ৰায় ৬ বজাত কণমানি কুমকুম পেগুৱে সমনীয়াৰ সতে খেলি থকা অৱস্থাৰ পৰা এখন তীব এল্ট গাড়ীৰে অহা দুৰ্বৃত্তই অপহৰণ কৰি নিয়ে।জোনাইস্থিত অগ্নি নির্বাপক ও আপদকালীন সেৱাৰ এছ.অ প্রশান্ত পেগুৰ কন্যা শিশুটিৰ অপহৰণৰ বাতৰি বিয়পি পৰাৰ লগে লগে জোনাই আৰক্ষী বিষয়া ভাৰ্গৱমুনি দাস, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰকমল শইকীয়া নেতৃত্বত জোনাই আৰক্ষী প্ৰশাসন তথা জোনাই স্থানীয় দল সংগঠন আৰু অসম অৰুণাচলৰ ৰাইজ শিশুটোক উদ্ধাৰত নামি পৰে।
ইফালে অপহৰণ কাণ্ড সংগঠিত হোৱাৰ লগে লগে অপহৰণ কাণ্ডত জড়িত থকা এজন যুৱকৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত জোনাইৰে তিনিগৰাকী যুৱতী , এজন যুৱক আৰু এগৰাকী বোৱাৰীক সোধপোছৰ বাবে আৰক্ষীয়ে আটক কৰে। আটকাধীন যুৱতীসকলৰ তথ্যৰ ভিত্তিত অপহৰণকাৰীৰ মবাইল নম্বৰ ট্রেক কৰি জোনাই আৰক্ষীয়ে অৰুণাচলৰ পূৱ চিয়াং জিলাৰ ৰুকচিন-চিলে আৰক্ষী তথা ৰাইজৰ সহযোগত সীমান্তবৰ্তী অৰুণাচলৰ হাবি-জংঘল, নদ-নদী একাকাৰ কৰি চৌদিশে ঘেৰি তীব্ৰ অভিযান আৰম্ভ কৰে। অৱশেষত তঃদে নামৰ ঠাইত অপৰহণ কাণ্ডত ব্যৱাহাৰ কৰা এ.এছ ০১ইটি-৮০১৭ নম্বৰৰ এখন মাৰুতি এল্ট গাড়ী খন উদ্ধাৰ কৰে এখন নদীত। নদীৰ পৰা কিছু দূৰত কণমানি জনীৰ চেন্দেল উদ্ধাৰ কৰে অভিযানকাৰী দলে৷ গাড়ী খনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে অৰ্জুন পেগু নামৰ এজন যুৱকৰ পানকাৰ্ড আদি।
আৰক্ষীয়ে উদ্ধাৰ কৰা অৰ্জন পেগুৰ প-পত্ৰ পৰা জানিব পৰা গৈছে অপহৰণকাৰী অৰ্জন পেগু লক্ষীপুৰ জিলাৰ বিজয়পুৰ গাঁৱৰ মিথেশ্বৰ পেগুৰ পুত্ৰ৷ ইফালে যোৱা ওৰেই নিশা অভিযান চলাইয়ো উদ্ধাৰ কৰিবলৈ সক্ষম নহল যদিও আজি পুৱা প্ৰায় ৫ বজাত অৰুণাচল প্ৰদেশৰ চিকা তঃদেত স্থানীয় ৰাইজৰ লগতে আদী-মিচিং ছাত্র সংগঠনৰ একাংশ সদস্যই তঃদে তিনি আলিৰ সমীপত এখন টঙিত শিশুটি অকলে কান্দি থকা অৱস্থাত উদ্ধাৰ কৰি আৰক্ষী অধীক্ষক খৱৰ দিয়ে ৷ অসম অৰুণাচল আৰক্ষী আৰু স্থানীয় দলসংগঠনৰ ওৰে নিশা অভিযানৰ চলোৱাৰ গম পায় অপহৰণকাৰীয়ে কণমানিজনীক এৰি উধাও হয়৷ ইফালে উদ্ধাৰ কৰি অনাৰ পিছত জোনাই ভাৰপ্ৰপ্ত আৰক্ষী বিষয়া নেত্ৰকমল শইকীয়াই এখনী ফুলাম গামোছাৰে কণমানিজনীক আদৰি আনি কোলাত উঠাই লয়৷ অপহৰণকাৰীক বিচাৰি জোনাই আৰক্ষীৰ অভিযান তীব্ৰতৰ৷ পৰিয়ালৰ লোকে কণমানিজনীক উদ্ধাৰ কৰাত সহায় কৰা আৰক্ষী প্ৰশাসন, জোনাই ৰাইজ, অৰুণাচলৰ ৰাইজক অশেষ ধন্যবাদ জনাইছে লগতে অপহৰণকাৰীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে৷