নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাই সদৰৰ সাপ্তাহিক বজাৰ সংযোগী পথৰ জৰাজীৰ্ন অৱস্থা : শীঘ্ৰে পুনৰ নিৰ্মানৰ দাবী

নিয়মীয়া বাৰ্তা, ৯ ছেপ্তেম্বৰ : ধেমাজি জিলাৰ জোনাই মহকুমা সদৰত অৱস্থিত জোনাই সাপ্তাহিক বজাৰ আৰু দৈনিক বজাৰ সংযোগী পথৰ অৱস্থাই পথচাৰী ৰাইজক নৰক যন্ত্ৰণা ভোগাইছে। জোনাই সদৰৰ দেওবৰীয়া সপ্তাহিক বজাৰ পথৰ দ্বাৰা জোনাই বালিকা মহাবিদ্যালয় আৰু জোনাই বিজ্ঞান মহাবিদ্যালয় দুখন থকাৰ লগতে মুৰ্কংচেলেক টাউন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ বহু কষ্টৰে অহাযোৱা কৰিব লগা হয়|

তদুপৰি এই পথেৰে জোনাইৰ বিভিন্ন গাৱঁৰ ৰাইজে জোনাই সদৰলৈ অহা লোকসকলে এই পথটোকেই ব্যৱহাৰ কৰে। কিন্তু এই পথটোৰ বিভিন্ন ঠাইত বৰ্তমান ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈছে যাৰ ফলত বৰষুণ দিলে এই পথটোৱেদি অহা-যোৱা কৰা প্ৰায় অসম্ভৱ হৈ পৰে। বিগত বহু বছৰ ধৰি এবাৰো মেৰামতি নকৰাত এতিয়া পথটো যোগাযোগৰ বাবে একেবাৰে অনুপযোগী হৈ পৰিছে। বিশেষকৈ কেমি জেলম, লেকু, চিলে, সপ্তাহিক বজাৰ, নং ২ বজাৰ, ৰিকবি, তৰাজান আদি বিভিন্ন গাঁৱৰ শ শ ছাত্ৰ -ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ বাবে জোনাই সদৰলৈ আহিব লগা হোৱাত চৰম যাতনা ভুগিব লগা হৈছে। আনহাতে উক্ত অঞ্চলৰ ৰাইজে দৈনিক বজাৰ কৰিবলৈ অহা খেতিয়ক সকলো উৎপাদিত সামগ্ৰী জোনাই বজাৰলৈ বিক্ৰী আৰু ক্ৰয় কৰিবলৈ বহু কষ্ট ভোগ কৰিব লগীয়া হয়। প্ৰায় চাৰিবছৰে এই পথটো জৰাজীৰ্ণ ৰূপত আছে। অতি ব্যস্ত এই পথটোৰে বিভিন্ন সৰু-বৰ যান বাহন চলাচল কৰে। ৰোগীসকলে চিকিৎসা গ্ৰহণৰ বাবে যাবলৈও এই পথটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

আনহাতে আজি প্ৰায় চাৰিবছৰে জৰাজীৰ্ণ পথটোত চকু নপৰিল স্থানীয় বিধায়ক তথা প্ৰশাসনৰ। এবাৰো মেৰামতি নকৰাত এতিয়া পথটো যোগাযোগৰ বাবে একেবাৰে অনুপযোগী হৈ পৰিছে। উক্ত পথটো শীঘ্ৰে নতুনকৈ নিৰ্মাণ কৰি যোগাযোগ সুচল কৰি দিবলৈ ৰাইজে চৰকাৰক দাবী জনাইছে লগতে স্থানীয় সাংসদ তথা বিধায়ককো অঞ্চলবাসীয়ে দাবী জনায়। অন্যথা ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

You might also like