নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘজান কাণ্ডঃ মানৱ সৃষ্ট ভুলৰ বাবেই মৃত্যু মুখত পৰিল মেধাৱী ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰ অৰ্ণৱ কিশোৰ বৰদলৈ

নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ আজি বাঘজান ৫ নং গেছ- তেল খাদত কৰ্মৰত অৱস্থাত বিদ্যুত্‍স্পৃষ্ট হৈ মৃত্যুমুখত পৰিছে আইলৰ এজন নৱনিযুক্ত ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰ। যোৰহাট ইঞ্জিনীয়াৰিং ক’লেজেৰ সেই বৰ্ষৰ ট’পাৰ যোৰহাট নিৱাসী অৰ্ণৱ কিশোৰ বৰদলৈ(২৪)য়ে আজি বি জি আৰ ৫ ত কৰ্মৰত অৱস্থাতেই বিদ্যুৎস্পৃষ্ট হৈ শোকাবহ মৃত্যুক আকোঁ‌ৱালি লব লগা হয়। এই ঘটনাটোকে লৈ আজি ১০৭ দিনে অপৰিৱৰ্তিত অৱস্থাত থকা অভিশপ্ত বাঘজান তেল খাদে ৪ গৰাকী লোকৰ প্ৰাণ কাঢ়ি নিলে।

মুমূৰ্ষ অভিযন্তা বৰদলৈক প্ৰথমে তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও তাৰ পৰা ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে লৈ যোৱাৰ পথতে মৃত্যু হয়। জনা মতে বি জি আৰ ৫ ৰ জুইৰ কাষতে ৱেলডিঙৰ কামত নিয়িজিত হৈ থকাৰ সময়তেই ঘটে অঘটনটো। এটা সূত্ৰই দাবী কৰা মতে ‘ছিগনেল’ৰ বিসঙ্গতিৰ বাবেই ঘটনাটো ঘটিবলৈ পালে। ইফালে দুৰ্য্যোগকালত কৰ্তব্য কৰাৰ অভিজ্ঞতা নথকা নৱ নিযুক্ত এজন অভিযন্তাক বাঘজানৰ ব্ল’আউট নিয়ন্ত্ৰণৰ কৰ্মত নিয়োজিত কৰা বিষয়টোও উদ্ভৎ সিদ্ধান্ত ৰূপে বিবেচিত হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে অইলৰ অগ্নি নিৰ্বাপক বাহিনীৰ ২ কৰ্মচাৰীৰ লগতে বাঘজানৰ শুক্লেশ্বৰ নেওগৰ আত্মহত্যাৰ ঘটনাকে ধৰি এতিয়ালৈকে বাঘজান কাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পালে। উল্লেখ্য যে অৰ্ণৱ এজন সুদক্ষ চিত্ৰ শিল্পীও আছিল।

You might also like