জোনাইৰ কবু শিৱগুৰিত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ
নিয়মীয়া বাৰ্তা, ৬ মে:: জোনাই মহকুমাৰ কবু শিৱগুৰিত পুণৰ বন্যহস্তীয়ে আতংশ সৃষ্টি কৰিছে। যোৱা নিশা বন্যহস্তীয়ে ভাঙিলে এটা পৰিয়ালৰ ভঁৰাল।
জানিব পৰামতে সুৰকে বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীয়ে বিভিন্ন সময়ত বনাঞ্চলখনৰ দাতি কাষৰীয়া গাঁও সমূহত উপদ্ৰৱ চলাই অহাৰ সময়তে শুকুৰবাৰে নিশা কবু শিৱগুৰি গাঁৱৰ বাবাং ৰেগণ নামৰ এজন ব্যক্তিৰ ভঁৰাল ভাঙি ধান খাই তহিলং কৰে এটা বন্যহস্তিয়ে৷
উল্লেখ্য যে বিগত কেইবা মাহ ধৰি সুৰকে বনাঞ্চলৰ পৰা বিভিন্ন দাতিকাষৰীয়া অঞ্চলত বন্যহস্তীয়েও ধাৰাবাহিক তাণ্ডৱ চলাই আহিছে। এইক্ষেত্ৰত ৰাইজক সুৰক্ষা দিবলৈ জোনাই বন বিভাগক দাবী ৰাইজৰ৷