জোনাইত বিশ্ব ব্ৰেইল দিৱস উদযাপন
নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ সমগ্ৰ শিক্ষা অভিযান মূৰ্কংচেলেক শিক্ষাখণ্ডৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে বিশ্ব ব্ৰেইল দিৱস উদযাপন কৰা হয় ৷ উক্ত কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি যোৱা ২ জানুৱাৰীত চিমেন চাপৰি বালিকা মধ্য ইংৰাজী বিদ্যালয়, ৩ জানুৱাৰীত ডেকাপাম বালাবাৰী প্ৰাৰ্থমিক বিদ্যালয়ত অভিভাৱক, শিক্ষক সকলৰ সৈতে সজাগতা সভা অনুষ্ঠিত কৰা হয়৷ আজি শেষৰটো কাৰ্যসূচীত পুৱা ৮.০০ বজাত সামূহিক ছাফাই অভিযান, পুৱা ৯.০০ বজাত বন্তি প্ৰজ্বলন কৰে জোনাই বজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী চফলা মৰাঙে৷ ইয়াৰ পিছতে পুৱা ১০.০০ বজাত স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়৷ স্বাস্থ্য পৰীক্ষাত পি এম অ এ নৱজ্যোতি শৰ্মা, জোনাই সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ৰঞ্জিত চুতীয়া উপস্থিত থাকি শিশু সকলক স্বাস্থ্য পৰীক্ষা কৰে৷ দুপৰীয়া ১১ বজাত শিশু সকলৰ মাজত খেল ধেমালি দুপৰীয়া ১২.০০ বজাত গীত মাত অনুষ্ঠিত কৰা হয়৷ দুপৰীয়া ১.০০ বজাৰ পৰা অনুষ্ঠিত কৰা মুকলি ও বঁটা বিতৰণী সভাৰ সভাপতিত্ব কৰে মুৰ্কংচেলেক শিক্ষা খণ্ডৰ খণ্ড প্ৰাৰ্থমিক শিক্ষাবিষয়া তথা খণ্ড মিছন সমন্বয়ক প্ৰেমনাথ দলেয়ে৷ সভাত উপস্থিত থাকে মূৰংকংচেলক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ হৰকান্ত পেগু, ধেমাজি জিলা আচনি বিষয়া পঞ্জাৱ দলেৰ লগতে জোনাইৰ গন্য মান্য ব্যক্তি উপস্থিত থাকি তত্বগধুৰ বক্তব্য আগবঢ়ায়৷ আজিৰ ব্ৰেইল ডে অনুষ্ঠান টি পৰিচালনা কৰে নৱজ্যোতি গগৈ, চন্দ্ৰ কোঁৱৰ, ৰাজীৱ পাতিৰ, দীপাঞ্জলি কুলি আৰু অপূৰ্ব পেগুৱে৷