আঞ্চলিক ৰাষ্ট্ৰীয় স্তৰত উজলিল যোৰহাটঃ উত্তৰ-পূবৰ ভিতৰত শ্ৰেষ্ঠ স্বচ্ছ নগৰৰ সন্মান লাভ By নিয়মীয়া বাৰ্তা On Aug 20, 2020 Share নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ ভাৰত চৰকাৰৰ অধীনস্হ স্বচ্ছ ভাৰত অভিযান (নগৰ অঞ্চল)ৰ অধীনত “স্বচ্ছ সৰ্বেক্ষন ২০২০” ৰ বাবে যোৰহাট নগৰে উত্তৰ – পূবৰ ভিতৰত শ্ৰেষ্ঠ স্বচ্ছ নগৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ ক’ৰোণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত আজি আৱাসিক আৰু নগৰ উন্নয়নৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হৰদ্বীপ সিং পুৰিয়ে NIC ৰ ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে অনুষ্ঠিত কৰা স্বচ্ছ মহোৎসৱৰ বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা প্ৰদান কৰে৷ জিলা উপায়ুক্ত ৰশ্নি অপৰঞ্জি কৰাটীৰ তৎত্বাবধানত যোৰহাট পৌৰসভাই জিলাখনৰ নগৰ অঞ্চলসমূহ পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হৈছিল৷ আজি এই গৌৰবৰ দিনটোত জিলা উপায়ুক্ত গৰাকীয়ে পৌৰসভাৰ কাৰ্যকৰী বিষয়া, সমূহ বিষয় ববীয়া তথা কৰ্মচাৰী, জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী, সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰী আৰু যোৰাহাটবাসী ৰাইজক ধন্যবাদ আৰু শুভেচ্ছা জনাইছে৷ উল্লেখ্য যে ৫০ হাজাৰৰ পৰা ১ লাখ জনবসতিপূৰ্ণ নগৰসমূহত চলোৱা স্বচ্ছতাৰ সমীক্ষাত যোৰহাটে উত্তৰ- পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ Featured Share