যোৰহাটৰ পৰা মৰিয়নিলৈঃ ককাক মহেন্দ্ৰ গগৈৰে নাতিয়েক নিয়ৰ কৌশকৰ দৌৰ
বিশেষ বাৰ্তা, ৩ ছেপ্টেম্বৰঃ আজি অভিৰুচি ক্ৰীড়া দিৱসৰ দিনা মৰিয়নিৰ এটি কণমানিয়ে ১৯ কিলোমিটাৰ দৌৰি সকলোকে চমক দিয়ে। প্ৰায় ৮ বছৰীয়া প্ৰচুৰ প্ৰতিভাসম্পন্ন কণমানিটোৰ নাম নিয়ৰ কৌশিক। কণমানিটোৰ লগতে সমদূৰত্ব অতিক্ৰম কৰে কণমানিটোৰ ককাক, অৱসৰপ্ৰাপ্ত সেনা জোৱান মহেন্দ্ৰ গগৈয়ে। আজি পুৱা যোৰহাট ষ্টেডিয়ামৰ সন্মুখত বিশিষ্ট ক্ৰীড়া সংগঠক, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ জ্যেষ্ঠ উপ-সভাপতি, ৰাজ্য চৰকাৰৰ সাংবাদিক পেঞ্চনাৰ ললিত বৰা, বিশিষ্ট সাংবাদিক তথা ক্ৰীড়া সংগঠক দিগন্ত বুঢ়াগোঁহায়ে কণমানি নিয়ৰ কৌশিকক উৎসাহ প্ৰদান কৰি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোঁহায়ে এই দৌৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পূৰ্বে কণমানিটোৰ পৰিয়ালৰ তৰফৰ পৰা ক্ৰীড়া সংগঠক দুজনক আদৰণি জনোৱা হয়। এই অনুষ্ঠানত ক্ৰীড়া সংগঠক যোৰহাট জিলা ক্ৰীড়া সন্থাৰ বিৰেন বৰা, নকছাৰী ক্ৰীড়া সন্থাৰ সম্পাদক ৰাজু গোহাঁই, মৰিয়নিৰ জ্যেষ্ঠ সাংবাদিক চক্ৰসেন গগৈ, শিক্ষক চহন কানু আদিও উপস্থিত থাকে। পুৱা ৬-১৫ মিনিটত যোৰহাট ষ্টেডিয়ামৰ সন্মুখৰ পৰা দৌৰ আৰম্ভ কৰে। ২ ঘন্টা ২৭ মিনিট ২৮ চেকেণ্ড সময়লৈ পুৱা ৮- ৪৩ বজাত মৰিয়নি বাপুজী ষ্টেডিয়ামত প্ৰৱেশ কৰে। উল্লেখযোগ্য যে, যোৰহাট ষ্টেডিয়ামৰ সন্মুখৰ পৰা মৰিয়নি বাপুজী ষ্টেডিয়ামলৈ প্ৰায় ১৯ কিলোমিটাৰ পথ অনায়াসে দৌৰি সম্পূৰ্ণ কৰে কণমানি নিয়ৰ কৌশিকে। এই সময়ছোৱাত নিয়ৰ কৌশিকক সংগ দিয়ে ককাক মহেন্দ্ৰ গগৈৰ লগতে আইতাক প্ৰেমদা গগৈয়েও। মৰিয়নি ক্ৰীড়া সন্থাৰ বিষয়ববীয়া সকলৰ লগতে এথলেটিক খেলুৱৈসকলে প্ৰায় তিনি কিলোমিটাৰ পথ লগতে দৌৰি কণমানিটোক আদৰি আনে। মৰিয়নি ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক প্ৰাঞ্জল পাওগাম, এথ্লীট প্ৰশিক্ষক হেমন কেৰকেটা, এথলীট বিনায়ক তাঁতী, জ্যেষ্ঠ সংবাদকৰ্মী চক্ৰসেন গগৈ আদিয়ে কণমানিটোৰ সৈতে একেলগে দৌৰি বাপুজী ষ্টেডিয়ামলৈ আগুৱাই আনে। মৰিয়নি বাপুজী ষ্টেডিয়ামত উপস্থিত হোৱাৰ পিছতে কণমানি নিয়ৰ কৌশিকৰ লগতে ককাক মহেন্দ্ৰ গগৈক আদৰণি জনোৱা হয়। মৰিয়নি ক্ৰীড়া সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক দীপক দত্তই তেওঁলোকক আদৰণি জনায়। এই অনুষ্ঠানত মৰিয়নি ক্ৰীড়া সন্থাৰ প্ৰাঞ্জল পাওগাম, দ্বীপেন দাস, হেমন কেৰকেটা, নকছাৰী ক্ৰীড়া সন্থাৰ সম্পাদক ৰাজু গোহাঁই, বিনায়ক তাঁতী, মৰিয়নি তেওঁলোকক পৰিয়ালৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। পৰিয়ালৰ তৰফৰ পৰা উপস্থিত ক্ৰীড়াবিদ আৰু ক্ৰীড়া সংগঠকসকলক আদৰণি জনোৱা হয়। কণমানি নিয়ৰ কৌশিক ভৱিষ্যতৰ এগৰাকী সম্পদ বুলি সকলোৱে অভিহিত কৰি সঠিক পথেৰে আগুৱাই নিবলৈ পৰিয়ালৰ লগতে সকলোৰে প্ৰতি আহ্বান জনায়। এই সমগ্ৰ কাৰ্য্যসূচীত পৰিয়ালৰ লোকৰ লগতে নকছাৰী ক্ৰীড়া সন্থাৰ সম্পাদক ৰাজু গোহাঁই, জ্যেষ্ঠ সংবাদকৰ্মী চক্ৰসেন গগৈ, শিক্ষক চহন কানু আদিয়ে সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়। পৰিয়ালৰ লোকে যোৰহাট জিলা ক্ৰীড়া সন্থা, মৰিয়নি ক্ৰীড়া সন্থা আৰু নকছাৰী ক্ৰীড়া সন্থাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে । উল্লেখ্য, মৰিয়নিৰ সমীপৰ নকছাৰী মৰঙীয়াল নতুনমাটি গ্ৰান্টৰ বাসিন্দা কণমানিটো। নকছাৰীৰ মৰঙীয়াল নতুনমাটি গ্ৰান্টৰ সন্দীপন বৰকটকী আৰু গোপীকা গগৈ বৰকটকীৰ আঠ বছৰীয়া সন্তান নিয়ৰ সৰুৰে পৰাই খেলাধুলাৰ প্ৰতি আগ্ৰহী আছিল । বিশেষকৈ ককাক অৱসৰপ্ৰাপ্ত সেনা মহেন্দ্ৰ গগৈৰ লগত একেলগে দৌৰি থাকে। পৰিয়ালৰে সম্পৰ্কীয় আইতাক মামনি গগৈ এগৰাকী প্ৰবীন এথ্লীট হোৱা হেতুকে ঘৰতে পাইছে ক্ৰীড়াৰ পৰিবেশ। পিতৃ মাতৃ আৰু ককাকৰ লগতে আইতাক প্ৰেমদা গগৈয়েও এইক্ষেত্ৰত নিয়ৰক উৎসাহিত কৰি আহিছে। নকছাৰী ম’ডেল হাইস্কুলৰ ছাত্ৰ কণমানি নিয়ৰ কৌশকে ইয়াৰ পূৰ্বে জাঁজীমুখৰ বালি মাৰাথনত অংশ লোৱাৰ ওপৰিও বিগত বৰ্ষৰ স্বাধীনতা দিৱসৰ দিনা নকছাৰীত দীৰ্ঘ দূৰত্বৰ দৌৰ সম্পূৰ্ণ কৰিছিল। আনহাতে, চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পুৱা মৰিয়নিৰ কিংশুক ভৱনৰ পৰা নকছাৰীৰ নৱ বিকাশ সংঘলৈ প্ৰায় ১২ কিলোমিটাৰ পথ দৌৰি সকলোকে চমক দিছিল। মৰিয়নি ক্ৰীড়া সন্থা, নকছাৰী ক্ৰীড়া সন্থাৰ লগতে যোৰহাট জিলা ক্ৰীড়া সন্থা, কিংশুক আদিয়ে কণমানি ক্ৰীড়া প্ৰতিভা নিয়ৰ কৌশিকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। অভিৰুচি ক্ৰীড়া দিৱসৰ দিনটোৰ পুৱাতে কণমানি নিয়ৰ কৌশিকৰ এনে ইতিবাচক কাৰ্য্যসূচীয়ে মৰিয়নি, নকছাৰীৰ লগতে সমগ্ৰ জিলাখনৰ ক্ৰীড়া ক্ষেত্ৰলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি সকলোৱে মতপোষন কৰিছে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া