নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মীন আইন অমান্যঃ যোৰহাটত নিধন কুইণ্টলে কুইণ্টলে কণীযুক্ত মাছ

প্রশাসনৰ নীৰৱ ভূমিকা

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ  যোৰহাট জিলাত প্রতিবছৰৰ দৰে এইবাৰো ব্রহ্মপুত্রৰ কাষৰীয়া থলুৱা মাছৰ প্রাকৃতিক উৎপাদন হোৱা স্থানসমূহত এসপ্তাহমানৰ পৰা অতি কৰুণভাৱে কণীলগা মাছসমূহ দৈনিক কুইণ্টলে কুইণ্টলে ধৰি আছে ৷ তাৰ বিপৰীতে যোৰহাট জিলাৰ মীন বিভাগটোৱে এই বিষয়টোৰ ওপৰত কোনো সজাগতামূলক ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে ।

বর্তমান নিমাতী, ককিলা, বৰমুকলি, বৰছৰলা, ককিলামুখ আদি অঞ্চলত বহু হাজাৰ কুইণ্টল কণীলগা মাছ ধ্বংস কৰা কার্যক জিলা প্রশাসনক ৰোধ কৰিবৰ বাবে স্থানীয় সচেতন  লোক আৰু পৰিৱেশ কর্মীসকলে আহ্বান জনাইছে ৷

You might also like