ৰখাই থোৱা ট্ৰাকত খুন্দিয়াই যুৱকৰ মৃত্যু; উত্তেজিত ৰাইজৰ পথ অৱৰোধ
নিয়মীয়া বাৰ্তা, ৮জানুৱাৰী: যোৰহাট – মৰিয়নি পথৰ কাঠকটীয়া অঞ্চলত কালি ৰাতি সংঘটিত এক দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছত আজি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । চিনামৰা আৰক্ষী চকীৰ অন্তৰ্গত কাঠকটীয়াত কালি ৰাতি পথত অবৈধভাৱে ৰখাই থোৱা ট্ৰাকত খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয় । জানিব পৰা মতে, ঢেঁকীয়াজুলি চাহ বাগিচাৰ খেৰ লাইনৰ মনোজ তাঁতী নামৰ যুৱকজনে এ এচ – ০৩ – এক্স – ০৯৭৬ নম্বৰৰ স্কুটিখনেৰে চিনামৰাৰ পৰা স্কুটিৰে ঘৰলৈ আহি থাঁকোতে কাঠকটীয়া অঞ্চলত পথৰ ওপৰত ৰখাই থোৱা এ এচ- ২৩ – এ চি- ৫৩৬৩ নম্বৰৰ ট্ৰাকখনৰ পিছফালে খুন্দা মাৰে । তীব্ৰ জোৰেৰে খুন্দা মৰাত ঘটনাস্থলীতে মৃত্যুক সাৱটি লয় প্ৰায় ২২-২৪ বছৰীয়া যুৱক মনোজ তাঁতীয়ে । ট্ৰাকখনে কাঠকটীয়াত অৱস্থিত ‘অমৃত ব্ৰেণ্ড’ৰ আটা প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ইষ্টাৰ্ণ ৰ’লাৰ ফ্ল’ৰ মিলছ প্ৰাইভেট লিমিটেডৰ বৃহৎ আটা মিলটোলৈ কেঁচা সামগ্ৰী কঢ়িয়াই আনিছিল বুলি জানিব পৰা গৈছে । ঘন কুঁৱলীৰ লগতে পথৰ ওপৰতে ট্ৰাকখন ৰখাই থোৱাৰ বাবেই এই শোকাবহ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে । পথৰ দাঁতিত অবৈধ ভাৱে পাৰ্কিং কৰি ৰাখিছিল ট্ৰাকখন । মন কৰিবলগীয়া যে, এই মিলটোলৈ কেঁচা আৰু অন্যান্য সামগ্ৰী কঢ়িয়াই অনা বৃহৎ বৃহৎ ট্ৰাকসমূহ পূৰ্বতে পথৰ দাঁতিতে পাৰ্কিং কৰি থয় । তাৰোপৰি এই মিলটোৰ ভিতৰত থকা এশ টনৰ ৱেই ব্ৰীজত জুখিবলৈ দৈনিক শতাধিক ট্ৰাক অহা যোৱা কৰে । এনে ট্ৰাকসমূহো পথৰ ওপৰতে অবৈধ ভাৱে দীৰ্ঘসময় ধৰি ৰখাই থয় । আনকি ৰখাই থোৱা ট্ৰাকৰ ফলত অন্য বাহনৰ চলাচল সুচল কৰিবলৈ চিনামৰা আৰক্ষীয়ে আৰক্ষী মোতায়েন কৰিবলগীয়াও হয় । কালিও আছিল কৰ্তব্যৰত আৰক্ষী । ইফালে, কালি ৰাতি দুৰ্ঘটনাত যুৱকজনৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগেই বাগিচাখনৰ শতাধিক লোক ঘটনাস্থলীত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । একাংশ লোকে পথ অৱৰোধ কৰাৰ লগতে উত্তেজিত লোকে ট্ৰাকখনৰো ক্ষতিসাধন কৰে । আনকি একাংশ উত্তেজিত লোকে উপস্থিত আৰক্ষীৰ লগত হতাহতিতো লিপ্ত হয় । ফলত আৰক্ষীয়ে মৃদু লাঠিচালনা কৰিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হয় । পিছত চিনামৰাৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । মৃত যুৱকজন আটছাৰ ঢেঁকীয়াজুলি প্ৰাথমিক গোটৰ সদস্য আছিল বুলি জানিব পৰা গৈছে ।
ইফালে, আজি দুপৰীয়া কেবাশতাধিক লোকে কাঠকটীয়া অঞ্চলত যোৰহাট মৰিয়নি পথ অৱৰোধ কৰে । দুপৰীয়া ১১ মান বজাৰ পৰা প্ৰায় ১-৩০ বজালৈ পথ অৱৰোধ কৰি পথটোৰে যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে । প্ৰতিবাদকাৰীসকলে এই ঘটনা ইষ্টাৰ্ণ ৰ’লাৰ ফ্ল’ৰ মিলৰ কৰ্তৃপক্ষৰ ভুলৰ বাবেই সংঘটিত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে । তেওঁলোকে জিলা উপায়ুক্তক ঘটনাস্থলীলৈ আহিব লাগিব বুলি দাবী জনায় । আনহাতে, মিলটোৰ গৰাকীক গ্ৰেপ্তাৰ কৰাৰি দাবী জনায় । অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ আদিৰ বিষয়ববীয়াসকলৰ লগতে মৰিয়নিৰ ৰাজহ চক্ৰৰ বিষয়া অসীম বৰগোঁহাই, মৰিয়নিৰ আৰক্ষী চক্ৰ পৰিদৰ্শক দণ্ডীৰাম বৰা, মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিলোচন নাথ, চিনামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চিত্তৰঞ্জন বৰগোঁহাই আদি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই যদিও বিফল হয় । পৰিস্থিতি ক্ৰমশঃ অধিক উত্তপ্ত হৈ পৰাত অধিক আৰক্ষী মোতায়েন কৰাৰ লগতে অৰ্দ্ধ সামৰিক বাহিনীও নিয়োগ কৰা হয় । প্ৰতিবাদকাৰীসকলক বাৰম্বাৰ বুজনি দিবলৈ চেষ্টা চলায় যদিও প্ৰতিবাদকাৰীসকলে নিজৰ দাবীত অটল হৈ থাকে । তাৰোপৰি মৃত মনোজ তাঁতী পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি হোৱাৰ বাবে মৃতকৰ পৰিয়ালক বিশ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ লগতে পৰিয়ালৰ এজনক মিলটোত স্থায়ী কামত নিযুক্তি দিবলৈ দাবী জনায় । এই দাবী জনাই আটছা, আছা আদিয়ে সুকীয়া সুকীয়াকৈ জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰও প্ৰদান কৰে ।
ইফালে পৰিস্থিতি ক্ৰমাৎ অধিক জটিল হোৱাৰ সময়তে মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ লৈও পৰিয়ালৰ লোক প্ৰতিবাদথলীত উপস্থিত হয়হি । উত্তেজিত ৰাইজে ঘটনাস্থলীতে বাহনখনত মৃতদেহ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে । পিছত অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামী, উপ আৰক্ষী অধীক্ষক মামনী হাজৰিকা আদি ঘটনাস্থলীত উপস্থিত হৈ ৰাইজক বুজোৱাৰ চেষ্টা চলায় । কিন্তু বিপৰীতে উত্তেজিত ৰাইজে ‘অসম পুলিচ গ’ বেক’ , ‘ব্যৱসায়ীৰ হাতৰ পুতলা অসম পুলিচ হায় হায়’, ‘আমাক ন্যায় লাগে’ আদি শ্ল’গান পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে । অৱশেষত আৰক্ষী আৰু প্ৰশাসনৰ লোকে ইষ্টাৰ্ণ ৰ’লাৰ ফ্ল’ৰ মিলছ প্ৰাইভেট লিমিটেড কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি ব্যৱস্থা ল’বলৈ আহ্বান জনায় । মিলটোৰ কৰ্তৃপক্ষৰ হৈ প্ৰৱন্ধক ৰাজনীশ ভৰালীয়ে আৰক্ষী আৰু প্ৰশাসনৰ লোকৰ সৈতে আলোচনা কৰি ৰাইজৰ দাবীৰ ওচৰত সেও মানি ৰাইজৰ দাবী মানি ল’বলৈ বাধ্য হয় । তাৰোপৰি ভৱিষ্যতে মিললৈ অহা কোনো ট্ৰাক বা অন্য বাহন পথৰ দাঁতিত পাৰ্কিং কৰা নহ’ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে । একেদৰে অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীয়েও পথটোৰ দাঁতিত কোনো ট্ৰাক আদিক ৰাখিবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰাৰ লগতে এই ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মন্তব্য কৰে । আজি কাঠকটীয়া অঞ্চলৰ ৰাইজে অভিযোগ কৰি কয় যে, আটা মিলটোলৈ উল্লেখযোগ্য যে, চিনামৰাৰ পৰা ডকলঙ্গীয়া অঞ্চললৈকে যোৰহাট মৰিয়নি পথৰ দাঁতিত বৃহৎ বৃহৎ ট্ৰাকৰ অবৈধ পাৰ্কিং স্থান গঢ় লৈ পৰিছে । শেহতীয়াকৈ কাঠকটীয়াৰ পৰা চিনামৰালৈকে বহুকেইটা বৃহৎ উদ্যোগ আৰু কোম্পানী স্থাপন কৰা হৈছে । এইসমূহলৈ সামগ্ৰী কঢ়িওৱা ট্ৰাক আদিয়ে দিনৰ পিছত দিন ধৰি পথৰ ওপৰতে পাৰ্কিং কৰি থোৱা দেখা যায় । এইদৰে ৰখাই থোৱা ট্ৰাকসমূহৰ অধিকাংশৰে বেক্ লাইট নাথাকে ।যাৰ ফলত অধিক দুৰ্ঘটনা সংঘটিত হৈ আহিছে ।কালিৰ ঘটনাও এনে কাৰণৰ লগতে ঘন কুঁৱলীৰ বাবেও সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে । আনহাতে, একেলগে শাৰী শাৰীকৈ ৰখাই এই ট্ৰাকসমূহৰ বাবে ইয়াৰ পূৰ্বেও বহু দুৰ্ঘটনা সংঘটিত হৈছে ।
দিব্যজ্যোতি শইকীয়া