নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাট সাহিত্য সভাৰ নিজৰ দিন পালন

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ  অসমীয়া ভাষা, সাহিত্য , সংস্কৃতিৰ উত্তৰণ, বিকাশ আৰু সমৃদ্ধিশালী কৰি তোলাৰ ক্ষেত্রত বিশেষ বৰঙণি আৰু সেৱা আগবঢ়াই অহা কেবাজনো বিশিষ্ট ব্যক্তিক নিজৰ দিন উপলক্ষে যোৰহাট সাহিত্য সভাই বিহুৰ ওলগ জ্ঞাপন কৰে । যোৰহাট সাহিত্য সভাৰ সভাপতি ড৹ দিপালী খাৰঘৰীয়া কলিতা, উপ সভাপতি উত্তম কুমাৰ হাজৰিকা, উপদেষ্টাদ্বয় মল্লিকা ৰহমান, ধীৰেন্দ্র কুমাৰ গগৈ আৰু সম্পাদক অজন্ত কুমাৰ বৰাসহ সভাৰ এটি প্রতিনিধি দলে সদৌ অসম মইনা পাৰিজাতৰ প্রাক্তন সভাপতি , শিশুবন্ধু ভৱেন্দ্র নাথ দত্ত, বিশিষ্ট অনুবাদক চন্দ্রপ্রভা ভট্টাচার্য , বিশিষ্ট শিল্পী তথা ৰাজ্য চৰকাৰৰ বিষ্ণুৰাভা বঁটা প্রাপক চালেহা আহমেদ, বিশিষ্ট লেখক দেৱকমল বৰুৱাক এখন বিহুৱান, এটি স্মাৰক, এখন ওলগনি পত্র আৰু গ্রন্থৰ টোপালাসহ ঘৰে ঘৰে গৈ বিহুৰ ওলগ জ্ঞাপন কৰে ।

আনহাতে পুৱাবেলা সভাৰ প্রতিনিধি দলটোৱে বিধায়ক হিতেন্দ্র নাথ গোস্বামীকো সাক্ষাৎ কৰি সভাৰ বহুকেইটা সমস্যাৰ বিষয়ে অৱগত কৰে । তদুপৰি এখন বিহুৱান, এটি স্মাৰকৰে বিধায়কগৰাকীকো বিহুৰ ওলগ জ্ঞাপন কৰে। পুৱা ৯ বজাত আৰম্ভ হোৱা কার্যসূচীৰ সামৰণি পৰে দেৱকমল বৰুৱাৰ বাসগৃহত । অনুষ্ঠানৰ সামৰণি উপলক্ষে সাহিত্যাচার্য মিত্রদেৱ মহন্তৰ প্রতিচ্ছবিত বন্তি প্রজ্বলন কৰে সভাৰ সভাপতি ড৹ দিপালী খাৰঘৰীয়া কলিতাই । মাধৱদেৱৰ এটি ঘোষাৰে সাহিত্য সভাৰ প্রতিনিধি দলটোক আদৰণি জনাই নর্মাল স্কুলৰ অৱসৰী প্রধান শিক্ষয়িত্রী বীণাপাণি মহন্তই । উত্তম কুমাৰ হাজৰিকাই কবিতা পাঠ কৰা অনুষ্ঠানত যোৰহাট সাহিত্য সভাৰ প্রতিস্থাপক সম্পাদক শৰৎচন্দ্র গোস্বামীৰ সম্পাদকীয় আৰু সাহিত্যাচার্য অতুল চন্দ্র হাজৰিকাৰ ভাষণাৱলীৰ কিছু অংশ পাঠ কৰে ধীৰেন্দ্র কুমাৰ গগৈয়ে । সম্বর্ধিত ব্যক্তিসকলেও সভাৰ প্রতিনিধি দলটোক বিহুৰ জলপানেৰে আপ্যায়ন কৰাৰ লগতে একোখনকৈ ফুলাম গামোচাৰে ওলগ জনায় । নিজৰ দিনৰ সমগ্র কার্যসূচীৰ আঁত ধৰে সম্পাদক অজন্ত কুমাৰ বৰাই ।

You might also like