নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপতো নাথাকিব চহৰ

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ কেৱল আই পি এলেই নহয়, টি–২০ বিশ্বকাপৰ ভাৰতীয় দলৰ পৰাও বাদ পৰিব পাৰে দীপক চহৰ৷ প্রতিযোগিতাখনৰ পূর্বে খেলুৱৈগৰাকী সুস্থ হৈ উঠাৰ ক্ষেত্রত আশংকাৰ সৃষ্টি হৈছে৷ সংবাদ মাধ্যমৰ খবৰ অনুসৰি আৰু ৪ মাহ খেলপথাৰৰ পৰা আঁতৰি থাকিবলগীয়া হ’ব পাৰে টীম ইণ্ডিয়াৰ পেচাৰগৰাকী৷ যাৰ বাবে টি–২০ বিশ্বকাপত তেওঁৰ খেলক লৈ সংশয়ে দেখা দিছে৷ ফেব্রুৱাৰীত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ছিৰিজ চলি থকা সময়ত হামষ্ট্রিঙত আঘাত পাইছিল দুর্দান্ত ফর্মত থকা দীপক চহৰ৷ ইয়াৰ পিছত শ্রীলংকা শৃংখলাতো খেলিব পৰা নাছিল তেওঁ৷ আশা কৰা হৈছে বলাৰগৰাকীয়ে আই পি এলৰ মাজভাগত প্রত্যাৱর্তন কৰিবলৈ সক্ষম হ’ব৷ সেই অনুসৰি নেচনেল একাডেমীলৈ গৈ পুনর্বাসনৰ কামো আৰম্ভ কৰিছিল চহৰে৷ কিন্তু একাডেমীৰ সূত্রই জনোৱা মতে, নতুনকৈ আঘাত পোৱা বাবে চহৰৰ আই পি এললৈ প্রত্যাৱর্তনৰ পথ সম্পূর্ণৰূপে বন্ধ হৈ পৰিছে৷ কেৱল সেয়াই নহয়, টি–২০ বিশ্বকাপ খেলাক লৈও সংশয়ৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, চহৰৰ আঘাত গুৰুতৰ আৰু সুস্থ হৈ উঠোতে সময়ৰ প্রয়োজন হ’ব৷ উল্লেখ্য যে চলিত আই পি এলৰ নিলামত ১৪ কোটি টকাৰে চহৰক ক্রয় কৰিছিল চেন্নাই ছুপাৰ কিংছে৷ তেওঁৰ অনুপস্থিতিত দলটোৱে বলিঙৰ দিশত যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷

You might also like