নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাঢ়ি নিলে সাংবাদিকৰ কেমেৰা ঃ কাছাৰ কলেজত‌ শিক্ষাগুৰুক আক্ৰমণ উদণ্ড ছাত্ৰৰ

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ: শিলচৰৰ ঐতিহ্যবাহী কাছাৰ কলেজত‌ তীব্ৰ উত্তেজনা ৷ কলেজৰ অধ্যাপক আৰু অধ্যাপিকাক আক্ৰমণ এদল উদণ্ড ছাত্ৰৰ ৷ সাংবাদিকৰ কেমেৰা কাঢ়ি নি ঘটনাৰ ভিজুৱেল ডিলিট গুণ্ডাৰূপী ছাত্ৰৰ ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কলেজত উপস্থিত হয় আৰক্ষী এক বিশাল বাহিনী ৷ পিছত কেইবাজনো ছাত্ৰ আটক কৰা হয়। জানিব পৰা মতে, এইদিনা হঠাতে শিলচৰ কাছাৰ কলেজত উত্তেজনাপূৰ্ণ ঘটনা সংঘটিত হয়৷ কলেজৰ অধ্যাপক আৰু অধ্যাপিকাক অশ্লীল গালিগালাজসহ আক্ৰমণ কৰে এদল উদণ্ড ছাত্ৰই ৷ জানিব পৰা মতে, অসম কলেজ টিচার্স এচ’চিয়েশ্যনৰ (এচিটিচি) কাছাৰ কলেজ ইউনিটৰ অধ্যাপক, অধ্যাপিকা সকলে আজি কলেজত এখন সভা সমাপ্ত কৰি বিভিন্ন দাবী লৈ অধ্যক্ষ সিদ্ধাৰ্থশংকৰ নাথৰ ওচৰত গৈছিল ৷ আৰু তেতিয়া অধ্যক্ষৰ কক্ষত থকা কেইবাজনো ছাত্ৰ কক্ষৰ পৰা ওলাই আহি এচিটিচি মুৰ্দাবাদ ধ্বনি দিয়া আৰম্ভ কৰে ৷ মুৰ্দাবাদ ধ্বনি শুনি এচিটিচিৰ কাছাৰ কলেজ ইউনিটৰ অধ্যাপক অধ্যাপিকাসকল বাহিৰত যোৱাৰ পাছত উদণ্ড ছাত্ৰৰ দলটোৱে কলেজৰ অধ্যাপক আৰু অধ্যাপিকা সকলক অশ্লীল গালিগালাজ আৰম্ভ কৰে ৷ আৰু ইয়াৰ প্ৰতিবাদ কৰিলে উদণ্ড ছাত্ৰসকলে আক্ৰমণ চলায়। এই ঘটনাৰ সময়ত উপস্থিত এগৰাকী চিত্ৰ সাংবাদিকে ঘটনাৰ দৃশ্য কেমেৰাত বন্দী কৰিলে সাংবাদিকজনৰ কেমেৰা কাঢ়ি লৈ গৈ সমস্ত ভিজুৱেল ডিলিট কৰি দিয়ে নিতীশ তিৱাৰী নামৰ এক গুণ্ডাৰূপী ছাত্ৰই ৷ ইপিনে এই ঘটনাৰ খৱৰ পাই কলেজত উপস্থিত হয় আৰক্ষীৰ বিশাল বাহিনী ৷ আৰু এই ঘটনাৰ লগত জড়িত কেইবাজনো ছাত্ৰক আটক কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এই সমগ্ৰ ঘটনা লৈ এচিটিচিৰ কাছাৰ কলেজৰ ইউনিটে শিলচৰ সদৰ থানাত এটা গোচৰ ৰুজু কৰিছে। সমগ্ৰ ঘটনাৰ লগত কাছাৰ কলেজৰ অধ্যক্ষ সিদ্ধাৰ্থশংকৰ নাথ জড়িত আছে বুলি অভিযোগ কৰে এচিটিচিৰ সদস্যসকলে ৷ অধ্যক্ষৰ উচটনি পাই ছাত্ৰসকলে এনে ঘটনা সংঘটিত কৰিছে বুলি অভিযোগ।

You might also like