নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৈলাশ নাথ শর্মাৰ স্মৃতিত মূল তোৰণৰ আধাৰশিলা স্থাপন

বাইহাটা চাৰিআলি বি এড কলেজত গাম্ভীর্যপূর্ণ অনুষ্ঠান

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ বুধবাৰে বাইহাটা চাৰিআলি বি এড মহাবিদ্যালয়ৰ মূল তোৰণৰ আধাৰশিলা স্থাপন কৰা হয়৷ অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে স্থাপন কৰে এই আধাৰশিলা৷ মন্ত্রী তথা জালুকবাৰী সমষ্টিৰ বিধায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ পিতৃ, সাহিত্য সভাৰ উপ–সভানেত্রী মৃণালিনী দেৱীৰ স্বামী প্রয়াত কৈলাশ নাথ শর্মাৰ স্মৃতিত এই তোৰণ স্থাপন কৰা হ’ব বুলি মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে জনায়৷ মহাবিদ্যালয়খনৰ আগন্তুক ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি তোৰণৰ আধাৰশিলা স্থাপনৰ পিছত মহাবিদ্যালয়খনৰ প্রাংগণত পৰিচালনা সমিতিৰ সভাপতি মদন চন্দ্র ডেকাৰ সভাপতিত্বত এখন গাম্ভীর্যপূর্ণ সভা অনুষ্ঠিত হয়৷ এই সভাত আদৰণী ভাষণ দিয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ আব্দুল চামাদে৷ এই সভাত মহাবিদ্যালয়ৰ তৰফৰ পৰা পৰিচালনা সমিতিৰ সদস্য ভৱেশ ডেকাই বিশিষ্ট অতিথি মৃণালিনী দেৱীক সম্বর্ধনা জনায়৷ সভাত মৃণালিনী দেৱীয়ে মহাবিদ্যালয়খনৰ আগন্তুক ৰূপালী জয়ন্তীৰ বাবে শুভকামনা জনাই মহাবিদ্যালয়খনৰ উত্তৰোত্তৰ কামনা কৰে৷ শেষত তোৰণ নির্মাণ সমিতিৰ সম্পাদক অধ্যাপক মৃৰাণ আলী শইকীয়া, সমাজকর্মী উৎপল কলিতাৰ লগতে অঞ্চলটোৰ কেইবাজনো বিশিষ্ট লোকে ভাষণ দিয়ে৷

You might also like