নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষুদ্র জনগোষ্ঠীয়ে অধিকাৰৰ বাবে সন্মিলিত হৈ আগুৱাই যোৱাৰ প্রয়োজন

কলিতা জনগোষ্ঠী সন্মিলনৰ সৰুপেটা অধিৱেশনত মৃণালিনী দেৱী

নিয়মীয়া বাৰ্তা ৩০ জানুৱাৰীঃ আমি মন্দিৰ, মছজিদ, নামঘৰ, গুৰুদ্বাৰ, বৌদ্ধ বিহাৰ আদি ধর্মীয় উপাসনাস্থলীসমূহলৈ গ’লে ‘ভগৱান’ক লগ নাপাওঁ৷ সেই ধর্মৰ প্রৱর্তক ধর্মগুৰুসকলকে আমি লগ নাপাওঁ৷ কিন্তু তেওঁলোকৰ দ্বাৰা ৰচিত, তেওঁলোকৰ মুখ নিঃসৃত লিপিবদ্ধ অমৰ বাণীসমূহ আমি শ্রৱণ আৰু চয়ন কৰোঁ৷ আৰু এই শ্রৱণ–চয়নৰ জৰিয়তেই আমি নিজৰ জীৱন ধন্য কৰোঁ৷ সমাজ জীৱন শৃংখলিত আৰু নিয়াৰিকৈ ৰখাৰ উপৰি সমাজৰ প্রতিগৰাকী ব্যক্তিক তেনেকুৱা গ্রন্থৰ অধ্যয়নে নিজৰ জীৱনৰ সেন্দূৰীয়া পথ নির্মাণৰ ক্ষেত্রত একো একোগৰাকী পথ প্রদর্শক হিচাপেও কাম কৰে৷ সেই অর্থতেই গ্রন্থ হৈছে আমাৰ বাবে ‘ভগৱান’স্বৰূপ৷– এই মন্তব্য অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ৷ আজিৰে পৰা সৰুপেটাৰ মিলন মন্দিৰ প্রাংগণৰ শ্বহীদ খর্গেশ্বৰ তালুকদাৰ ক্ষেত্রত দুদিনীয়া কার্যসূচীৰে আৰম্ভ হোৱা সদৌ অসম আলপাইন কলিতা জনগোষ্ঠীৰ বজালী জিলা সমিতিৰ আতিথ্যত অনুষ্ঠিত চতুর্দশ দ্বি–বার্ষিক সৰুপেটা অধিৱেশনৰ আজি প্রথম দিনাৰ কার্যসূচীত আবেলি ২ বজাত সম্পূর্ণানন্দ তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত অধিৱেশন উপলক্ষে প্রকাশ কৰি উলিওৱা ‘আলপাইন’ শীর্ষক স্মৃতিগ্রন্থখন উন্মোচন কৰি দিয়া ভাষণত উন্মোচক ৰাজবংশীয়ে আৰু কয়– আমি নামঘৰলৈ গ’লে মহাপুৰুষ শংকৰদেৱ নতুবা ভগৱান কৃষ্ণক লগ নাপাওঁ৷ গির্জালৈ গ’লে আমি ক্রুছবিদ্ধ যীশুক নেদেখোঁ৷ তেনেদৰে গুৰুদ্বাৰ, বৌদ্ধ বিহাৰ নতুবা মছজিদলৈ গ’লেও আমি গুৰু নানক, বুদ্ধ নতুবা হজৰত মহম্মদক লগ নাপাওঁ৷ কিন্তু তেৰাসৱৰ দ্বাৰা ৰচিত ধর্মপুথিসমূহকে আমি ‘ভগৱান’ জ্ঞান কৰি মনত প্রশান্তি লভোঁ৷ আনহাতে, অধিৱেশনত উপস্থিত ছাত্র–ছাত্রীসকলক আমাৰ সমাজৰ ‘নতুন উত্তৰ পুৰুষ’ হিচাপে আখ্যা দি ছাত্র–ছাত্রীসকলৰ অত্যধিক ম’বাইল প্রযুক্তিৰ ব্যৱহাৰৰ প্রসংগ উল্লেখেৰে তেওঁ কয়– ম’বাইল প্রযুক্তিয়ে আমাক মাথোন তথ্যহে প্রদান কৰে৷ কিন্তু গ্রন্থ অধ্যয়নে আমাক আপুৰুগীয়া জ্ঞানেৰে সমৃদ্ধ কৰে৷ ভাৰতীয় পুৰাতন শাস্ত্রত বর্ণিত ‘উদ্ধাৰিলা চাৰি বেদ প্রলয় জলত’ শ্লোকফাঁকিৰ বর্ণনাৰে গ্রন্থৰ অপৰিসীম গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ পুনৰ কয়– গতিকেই গ্রন্থৰ মৃত্যু নাই৷ গ্রন্থ অজৰ–মৰ৷ গ্রন্থৰ মাজত ভগৱৎ সত্তা লুকাই আছে৷

অধিৱেশনত উপস্থিত থাকি আগবঢ়োৱা আধ্যাত্মিক ভাবসমৃদ্ধ ভাষণত অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে ‘মানুহ জাতিটো সমাজপ্রিয়’ হিচাপে আখ্যা দি কয়– ‘মানুহৰ সন্মিলিত শক্তিয়েহে সমাজখন ধৰি ৰাখিছে৷’ বিৱর্তনৰ ক্রমবিকাশত বান্দৰৰ পৰাই মানুহ সৃষ্টি হোৱাৰ ব্যাখ্যাৰে ‘ভগৱান’ক ‘আদ্যপুৰুষ’ আৰু নিজ মাতৃক ‘আদ্যগুৰু’ হিচাপে তেওঁ বর্ণনা কৰে৷ মনোজ্ঞ ভাষণত সকলো ‘মানুহ’কেই ভগৱানৰ অংশ হিচাপে উল্লেখ কৰি তেওঁ সন্তানৰ প্রতি ঘাইকৈ মাতৃসকলৰ দায়িত্বৰ বিষয়ে বিৱৰি কয়৷ সাহিত্য সভাৰ উপ–সভাপতিগৰাকীৰ মাতৃসকলক উদ্দেশ্যি মন্তব্য– যি নাৰীয়ে জন্মৰ পিছৰে পৰাই নিজৰ সন্তানক ‘অধ্যাত্ম’ গুণেৰে, সু–শিক্ষাৰে আগবঢ়াই লৈ যাব পাৰিব, তেওঁলোকেই সমাজক কু–সংস্কাৰমুক্ত কৰাত সফল হ’ব পাৰিব৷ বিদেশত ‘ভাল’ চাকৰি এটা পালেই তেওঁ সু–শিক্ষাৰে শিক্ষিত নহ’বও পাৰে, যদিহে সেই সন্তানৰ নিজৰ পিতৃ–মাতৃ, দেশ আৰু সমাজৰ প্রতি কোনো দায়িত্ববোধ নাথাকে৷ আনহাতে, কলিতা জনগোষ্ঠীৰ জনজাতিকৰণ সম্পর্কতো তেওঁ মন্তব্য কৰে৷ তেওঁ কয়– বর্তমান পৃথিৱীত দ্রুত হাৰত জনসংখ্যাৰ বৃদ্ধি ঘটিছে৷ সেয়ে বিপুল এই জনগোষ্ঠীৰ মাজত সৰু সৰু জনগোষ্ঠীসমূহে নিজৰ নিজৰ অধিকাৰ তথা উন্নয়নৰ কাৰণে একো একোটা গোটত সন্মিলিত হৈ সংগ্রামৰ জৰিয়তে আগুৱাই যোৱাৰ প্রয়োজনীয়তা আহি পৰিছে৷ এই মুকলি সভাতে ভাষণ দিয়ে বি এইচ বি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিৰিঞ্চি কুমাৰ দাস, বি এইচ বি মহাবিদ্যালয়ৰ প্রাক্তন উপাধ্যক্ষা ড০ অমিয়া মহন্তৰ লগতে আৰু কেইবাগৰাকী বিশিষ্ট লোকে৷ আনহাতে, প্রাতঃপ্রসংগৰে আৰম্ভ হোৱা প্রথম দিনৰ অধিৱেশনত বিভিন্ন কার্যসূচীৰ লগতে পুৱা প্রায় ৯.৩০ বজাত সদৌ অসম আলপাইন কলিতা জনগোষ্ঠী সন্মিলন আৰু সদৌ অসম কলিতা জনগোষ্ঠী ছাত্র সন্থাৰ মূল দুখন পতাকা ক্রমে জনগোষ্ঠী সন্মিলনৰ সভাপতি ড০ ভবেন চন্দ্র কলিতা আৰু ছাত্র সংগঠনটোৰ সভাপতি অনুপল দত্ত পাঠকে উত্তোলন কৰে৷ সমান্তৰালকৈ আন ৩৩খন পতাকা দুয়োটা সংগঠনৰ বিভিন্ন কর্মকর্তাৰ লগতে আমন্ত্রিত আন স্থানীয় ব্যক্তিসকলে উত্তোলন কৰে৷ স্মৃতি তর্পণ কার্যসূচী মুকলি কৰে কলিতা জনগোষ্ঠী সন্মিলনৰ সাধাৰণ সম্পাদক ডাঃ ৰমেন কাকতিয়ে৷

You might also like