কমলপুৰত অগ্নিকাণ্ডত ছাৰখাৰ প্লাষ্টিক উদ্যোগ
নিয়মীয়া বাৰ্তা, ২১ জুনঃ কমলপুৰৰ আল্টাত নৱপ্রতিষ্ঠিত এটা প্লাষ্টিক উদ্যোগত দেওবাৰে পুৱাই সংঘটিত হয় এক ভয়ংকৰ অগ্ণিকাণ্ড৷ ৱেল্ডিঙৰ ফিৰিঙতিৰ পৰা জুইৰ সূত্রপাত হয় বুলি সন্দেহ কৰিছে স্থানীয় লোকে৷ এই জুইৰ প্রকোপ ইমানেই আছিল যে তিনিখন চাদ নিমিষতে খহি পৰে৷ এটি ইউনিট সম্পূর্ণৰূপে অগ্নিকাণ্ডত জাহ যায়৷
ইউনিটটোৰ ভিতৰত থকা শ শ প্লাষ্টিকৰ সামগ্রী, দহটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ লগতে এখন মটৰচাইকেল পুৰি ছাই হৈ যায়৷ পুৱা প্রায় আঠ বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডত ক’লা ধোঁৱাই সমগ্র অঞ্চল ছানি ধৰাত সমগ্র অঞ্চলটোত এক হুৱাদুৱা পৰিৱেশ বিৰাজ কৰে৷ দহখন আপদকালীন তথা অগ্নিনির্বাপক বাহিনীৰ বাহনক এই জুই নির্বাপণ কৰিবলৈ সময়ৰ প্রয়োজন হয় প্রায় ৯ ঘণ্টাৰ৷ আপদকালীন তথা অগ্নিনির্বাপক বাহিনীৰ উচ্চপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনির্বাপণৰ তদাৰক কৰে৷
ইফালে, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্ণনীৰ পাল উপস্থিত হৈ এই ভয়ংকৰ অগ্নিকাণ্ডৰ এক দণ্ডাধীশ পর্যায়ৰ তদন্ত কৰিবলৈ কমলপুৰ ৰাজহ চক্র বিষয়াগৰাকীক নির্দেশ দিয়ে৷ ক’ৰোনা সৃষ্ট পৰিৱেশৰ মাজত এই ভয়াৱহ অগ্নিকাণ্ডই দাঁতিকাষৰীয়া গাঁওবাসীৰ মাজত এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি কৰে৷ পৱন কুমাৰ ছোনী মালিকাধীন এই উদ্যোগ প্রতিষ্ঠানটোৱে প্লাষ্টিকৰ সামগ্রী উৎপাদনকার্য আৰম্ভ কৰিব লওঁতে এই অঘটনটো সংঘটিত হয়৷