নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপ জিলা ফুটবল লীগত অসম ৱেৰিঅৰ চেম্পিয়ন

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ কামৰূপ জিলা ক্ৰীড়াসন্হাৰ উদ্যোগত আৰু শুৱালকুছি ক্ৰীড়াস্হাৰ সহযোগত চলি থকা কামৰূপ জিলা আন্তঃক্লাব ফুটবল লীগ প্ৰতিযোগিতাত অসম ৱেৰিঅৰ দলে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে ৷ আজি অনুস্হিত চূড়ান্ত খেলখনত অসম ৱেৰিঅৰ দলে সৰু বাকা এফ চি ক্লাবক ১-০ গলৰ ব্যৱধানত পৰাজিত কৰে ৷ বিজয়ী দলটোৰ হৈ জন এক্কাই বিজয়সূচক গলটো দিয়ে ৷ খেলখনত শ্ৰেষ্ঠ খেলুৱৈৰ বটাঁ লাভ কৰে অসম ৱেৰিঅৰ দলৰ জন এক্কাই ৷

ইফালে আজি প্ৰতিযোগিতাখন উদ্বোধন কৰি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰ বিষয়া হেমন্ত চৌধুৰীয়ে খেল ধেমালীয়ে মানুহৰ মন প্ৰাণ সজীৱ কৰি ৰাখে বুলি উল্লেখ কৰি যুৱ প্ৰজন্মক সকলো খেলতে অংশ লৈ নিজৰ নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ আহ্বান জনায় ৷ তেওঁ পুনৰ কয় খেলত চৰকাৰে সৰ্বাধিক গুৰুত্ব দিছে ৷ খেলৰ জৰিয়তে প্ৰতিটো প্ৰজন্মক আগবাঢ়ি যাবলৈ চৰকাৰে বিভিন্ন প্ৰকাৰে সহযোগিতা আৰু উৎসাহ যোগাই আহিছে ৷ শুৱালকুছিৰ ক্ৰীড়া প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে বৃহত্তৰ অঞ্চলটোৰ পৰা নতুন প্ৰতিভা বিকশিত হোৱাটো নিশ্চিত বুলি কয় ৷ শুৱালকুছি ক্ৰীড়াসন্হাই এনদৰে খেল পাতি গ্ৰামাঞ্চলৰ খেলুৱৈ সকলক প্ৰতিভা বিকাশৰ সুযোগ দিয়া বাবে তেওঁ সন্হাৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা সকলক অভিনন্দন জনায় ৷ তেওঁ ক্ৰীড়া ক্ষেত্ৰ সমন্বয়ৰ ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিবলৈও সকলোকে আহ্বান জনায় ৷ উদ্বোধনী অনুস্হানত মুখ্যমন্ত্ৰীৰ সহায়ক দিগন্ত শৰ্মাও উপস্থিত থাকে ৷

খেলৰ শেষত শুৱালকুছি ক্ৰীড়াসন্হাৰ সভাপতি ডা°কাৰ্ত্তিক চন্দ্ৰ মেধিৰ সভাপতিত্ব অনুস্হিত বটাঁ প্ৰদান সভাত কামৰূপ জিলা ক্ৰীড়াসন্হাৰ সম্পাদক প্ৰাঞ্জল বুঢ়াগোহাঁই, অসম হেণ্ডবল সন্হাৰ সম্পাদক উত্তম বৰ্মণ, উপ সভাপতি জয়ন্ত বৈশ্য প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ আজিৰ খেলখন পৰিচালনা কৰে জিতু দাস, অঙ্কুৰ কলিতা, আৰিফুদ্দিন আহমেহ আৰু যুগল চৌধুৰীয়ে ৷

You might also like