নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ গহপুৰৰ কেন্দ্ৰীয় শ্বহীদ দিৱসত অংশ ল’ব ড°হিমন্ত বিশ্ব শৰ্মাই; উদ্বোধন কৰিব ঘাঁহিগাঁও মিনি ষ্টেডিয়াম                      

  • উদ্বোধন কৰিব ঘাঁহিগাঁও মিনি ষ্টেডিয়াম, গহপুৰত এশ খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়         
নিয়মীয়া বাৰ্তা,  ১৮ ছেপ্টেম্বৰঃ শ্বহীদ প্ৰনামো তোমাক। ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰ, সমগ্ৰ দেশৰ লগতে অসমতো চলিছিল ভাৰত ত্যাগ আন্দোলনৰ দাবামা। সেই আন্দোলনৰ অংশ হিচাপে গহপুুুৰ আৰক্ষী থানাত ব্ৰিটিছ জেক উফৰাই ত্ৰিৰঙ্গ পতাকা উঠাবলৈ আহি গহপুৰ থানাত ব্ৰিটিছৰ গুলীত আত্মবলিদান দিছিল বৰঙাবাৰীৰ বীৰাঙ্গনা কনকলতা বৰুৱা আৰু বীৰ ছহীদ মুকুন্দ কাকতিয়ে। বীৰ শ্বহীদ দুগৰাকীক স্মৰণ আৰু উত্তৰ পুৰুষৰ মনত দেশ প্ৰেমৰ ভাব জগাই তোলাৰ মানসে বিগত বৰ্ষবোৰৰ দৰে এই বেলিও গহপুৰ মহকুমাৰ ঘাঁহিগাঁওস্থিত মিনি ষ্টেডিয়ামত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ছহীদ দিৱসৰ।

 

কাইলৈ আয়োজন কৰা এই কেন্দ্ৰীয় ছহীদ দিৱসত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এই কাৰ্যসূচীৰ সফল ৰূপায়নৰ বাবে স্থানীয় বিধায়ক উৎপল বৰা, গহপুৰ মহকুমা প্ৰশাসন, জিলা প্ৰশাসনে বিশেষ তৎপৰতা অবলম্বন কৰা পৰিলক্ষিত হৈছে।

 

উল্লেখ্য যে, মূল কাৰ্যসূচীৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে গহপুৰ নগৰৰ মাজমজিয়াত ঠিকাদাৰ ৰঞ্জন কলিতাৰ বিশেষ তৎপৰতাত ১৭.৫ কোটি টকা ব্যয় সাপক্ষে নিৰ্মাণ কৰি উলিওৱা এশখন বিছনা যুক্ত অত্যাধুনিক সা-সঞ্জামেৰে পূৰ্ণ অসামৰিক চিকিৎসালয়খনি উদ্বোধন কৰাৰ লগতে গহপুৰৰে যুৱক ‘শৈলজা কনষ্ট্ৰাকচন’ৰ সঞ্চালক উদয়াদিত্য গোস্বামীৰ দ্বাৰা ‘চিগনেচাৰ’ প্ৰজেক্টৰ ১০ কোটি টকা ব্যয়েৰে আটকধুনীয়া নিৰ্মাণ কৰি উলিওৱা ঘাহিগাঁও ষ্টেডিয়ামখনিৰ শুভ উদ্বোধন কৰিব। এক কথাত মুখ্যমন্ত্ৰী ৰূপে প্ৰথম বাৰলৈ গহপুৰলৈ আহিব লগা মুখ্যমন্ত্ৰী গৰাকীক আদৰিবলৈ গহপুৰীয়া ৰাইজে আশাৰে বাট চাইছে।
You might also like