নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাতগাঁৱৰ পাণবাৰীত কামৰূপ জিলা কৃষি বিভাগৰ সমূহীয়া কঠীয়াতলী

🎯 বানপীড়িত কৃষকক বিনামূলীয়া কঠীয়া লোৱাৰ আহ্বান বিষয়াৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ জুলাইঃ সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কৃষকসকলক সকাহ দিবলৈ অসম চৰকাৰৰ কৃষি বিভাগে বিগত বছৰৰ দৰে এইবেলিও ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা ২০২৪-২৫ বৰ্ষৰ অন্তৰ্গত গ্ৰহণ কৰিছে কমিউনিটী নাৰ্ছাৰী তথা সমূহীয়া কঠীয়াতলী আঁচনি। ৰাজ্যৰ বিভিন্ন জিলাৰ লেখীয়াকৈ কামৰূপ জিলা কৃষি বিভাগেও এই আঁচনিৰে বানৰ পিছৰ পৰিস্থিতিৰ বাবে সাজু হৈছে। সমূহীয়া কঠীয়াতলী আঁচনিৰ অন্তৰ্গত কামৰূপ জিলাৰ ১৩০ হেক্টৰ আৰু কামৰূপ মেট্ৰ’ জিলাৰ ১৫ হেক্টৰ ভূমিত কঠীয়া পাৰাৰ প্ৰস্তুতি চলাইছে। আজি কামৰূপ মেট্ৰ’ জিলাৰ সাতগাঁও কৃষি চক্ৰৰ পাণবাৰী গাঁৱৰ দীনেশ ক্ৰ’ৰ পথাৰত আনুষ্ঠানিকভাৱে বাহাদুৰ চাব-১ আৰু ৰঞ্জিৎ চাব-১ জাতৰ ধানৰ কঠীয়া পৰাৰ শুভাৰম্ভণী কৰা হয়৷ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া প্ৰফুল্ল চহৰীয়াৰ তত্ত্বাৱধানত অনুষ্ঠিত উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ জিলা ন’ডেল বিষয়া তথা মহকুমা কৃষি উন্নয়ন বিষয়া মৌচুমী হাজৰিকা, কৃষি সম্প্ৰসাৰণ সহযোগী সঞ্জয় বৰ্মন আৰু মিডিয়া বিশেষজ্ঞ মণিকংকনা দাস। বানত ক্ষতিগ্ৰস্ত কৃষকসকলক এই কঠীয়া বিনামূলীয়াকৈ লাভ কৰিবলৈ জিলা কৃষি বিষয়া, মহকুমা কৃষি বিষয়া, কৃষি উন্নয়ন বিষয়া, কৃষি উন্নয়ন সহায়কৰ কাষ চাপিবলৈ আহ্বান জনাইছে কামৰূপ জিলা কৃষি বিষয়া আৰু মহকুমা কৃষি বিষয়াই।

You might also like