নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেলেংগানাত হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠানত অঘটনঃ অসমৰ ডিজিপিৰে তেলেংগানাৰ ডিজিপিৰ আলোচনা

বিশেষ বাৰ্তা, ১০ ছেপ্টেম্বৰঃ তেলেংগানাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাৰ ক্ষেত্ৰত ত্ৰুটি হোৱা সন্দৰ্ভত ফোনযোগে কথা পাতিছে অসমৰ ডিজিপিৰ সৈতে তেলেংগানাৰ ডিজিপিৰ সৈতে। হায়দৰাবাদত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কার্যসূচীৰ সময়ত নিৰাপত্তাৰক্ষীৰ ক্ষেত্রত অসন্তুষ্টি প্রকাশ কৰিছে৷ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি তেলেংগানা আৰক্ষীয়ে দিয়া সূচী অনুসৰি অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ কাৰ্যসূচী ৰূপায়ণ কৰে। তাৰ পাছতো তেলেংগানা আৰক্ষীয়ে নিৰাপত্তাৰক্ষীৰ ক্ষোভক সন্দৰ্ভত যি মনোভাব দেখুৱাইছে, তাত অসম চৰকাৰ অতিশয় ক্ষুব্ধ। উল্লেখ্য যে শুকুৰবাৰে হায়দৰাবাদত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰেলী হৈছিল। এই সময়ছোৱাত এজন ব্যক্তিয়ে ষ্টেণ্ডৰ পৰা মুখ্যমন্ত্ৰীৰ মাইক আঁতৰাবলৈ চেষ্টা কৰে। এই ব্যক্তিজনে অসমৰ মুখ্যমন্ত্ৰীৰ লগত বেয়া আচৰণ কৰিবলৈ চেষ্টা কৰিছিল। ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগত যুঁজিবলৈও চেষ্টা কৰিছিল। অৱশ্যে তাত থকা দলীয় সতীৰ্থই মানুহজনক ধৰি মঞ্চৰ পৰা নমাই আনিলে। এইজন ব্যক্তিয়ে তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰৰ দলৰ মেজেন্টা ডুপাটা পিন্ধিছিল। উক্ত বিষয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আমি বহু দূৰত নাছিলোঁ। চোকা অস্ত্ৰৰে মোক আক্ৰমণ কৰিব পাৰিলেহেঁতেন। কোনো ৰাজনৈতিক দলৰ সদস্যই যদি এনে কাম কৰে তেন্তে সেয়া অশোভনীয় যেন লাগে। এয়া ভাৰতৰ ‘অতিথি দেৱ ভাৱ’ সংস্কৃতিৰ বিৰুদ্ধে আছিল। গতিকে তেলেংগানা চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। ইফালে উক্ত ঘটনা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেলেংগানাৰ মুখ্য়মন্ত্ৰীকে টাৰ্গেট কৰিছে। গণেশ উৎসৱ আৰু অন্যান্য অনুষ্ঠানৰ বাবে ভাগ্যনগৰ গণেশ উৎসৱ সমিতিৰ অতিথি হিচাপে হায়দৰাবাদত উপস্থিত হৈছিল অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এই সমাৱেশৰ সময়ত অসমৰ মুখ্যমন্ত্রীয়ে তীব্রভাৱে তেলেংগানাৰ মুখ্যমন্ত্রীক লক্ষ্য কৰি লৈছিল৷ তেওঁ কয় যে আমি বংশমুক্ত ৰাজনীতিৰ কথা কওঁ৷ আজিও হায়দৰাবাদত তেওঁৰ পুত্ৰ-কন্যাৰ ছবি আমি দেখিবলৈ পাওঁ। দেশৰ ৰাজনীতি বংশগত ৰাজনীতিৰ পৰা মুক্ত হ’ব লাগে। তেওঁ কয় যে চৰকাৰ দেশৰ বাবে হ’ব লাগে, জনসাধাৰণৰ বাবে হ’ব লাগে, কিন্তু কেতিয়াও পৰিয়ালৰ বাবে নহয়। উল্লেখ্য যে অহা বছৰৰ বিধানসভা নিৰ্বাচন আৰু ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু কেচিআৰৰ তেলেংগানা ৰাষ্ট্ৰ সমিতিয়ে বিগত কেইমাহমানৰ পৰা ইজনে সিজনৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। কেচিআৰে বিৰোধী দলসমূহক একত্ৰিত কৰি সাধাৰণ নিৰ্বাচনৰ বাবে এক ঐক্যবদ্ধ জোঁট গঠন কৰাৰ চেষ্টা চলাইছে।

You might also like