নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰঃ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি জোনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। জোনাইৰ কৃষক মুক্তি, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীসকলে জোনাইৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিজেপি চৰকাৰবিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে জোনাই মহকুমা।

প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দি ৰাইজৰ দলৰ আহ্বায়ক তথা ধেমাজি জিলা কৃষক মুক্তিৰ উপদেষ্টা প্ৰসন্ন বৰাই ৰাইজৰ দলে ২১’ৰ নিৰ্বাচনত ১২৬ টা সমষ্টিতে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰি ৰাইজৰ বাবে কাম কৰা ব্যক্তিকহে জোনাই সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ কথা জানিবলৈ দিছে।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি, নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে জোনাইত ব্যৰ্থ যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীত ধেমাজি জিলা কৃষক মুক্তিৰ উপদেষ্টা প্ৰসন্ন বৰা, জিলা সভাপতি ছেইফ পাৱ, সহকাৰী সম্পাদক নেলচন পাৱ, জিলা নাৰী মুক্তিৰ সম্পাদিকা জোৎস্না সোণোৱাল, জোনাই মহকুমাৰ সম্পাদক নিভাজ বড়ি, ভাৰপ্ৰাপ্ত সভাপতি ফিলিপ দৈমাৰী, প্ৰচাৰ সম্পাদক নাচিৰ আলি, সতীশ টাৱ, জোনাই টাউন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক হেম পেগুৰ লগতে শতাধিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মী উপস্থিত থাকি প্ৰতিবাদ সাব্যস্ত কৰে৷

You might also like