নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত এ কে–৫৬ ৰিভলভাৰ–মেগজিন উদ্ধাৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা ১৫ মাৰ্চঃ  কোকৰাঝাৰ জিলাৰ বিশমূৰীৰ দীঘলীপাৰাত বুজন পৰিমাণৰ অস্ত্র–শস্ত্র উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উদ্ধাৰ হোৱা অস্ত্র–শস্ত্রখিনিৰ ভিতৰত আছে দুটা এ কে–ছিৰিজৰ ৫৬ ৰাইফল, দুটা মেগজিন, এটা ৰিভলভাৰ আৰু ২৯ জাঁই সক্রিয় গুলী৷ আজি পুৱা কোকৰাঝাৰ আৰক্ষী অধীক্ষকৰ কার্যালয়ৰ প্রেক্ষাগৃহত আয়োজিত এখন সংবাদ মেলত বিশেষ আৰক্ষী সঞ্চালকপ্রধান ড০ এল আৰ বিষ্ণয়ে সদৰী কৰা মতে যোৱানিশা এক গোপন সূত্রৰ পম খেদি বিশমূৰীৰ দীঘলীপাৰাত মাটিত পুতি থোৱা অৱস্থাৰ পৰা অস্ত্রখিনি উদ্ধাৰ কৰা হয়৷ অস্ত্রখিনি প্রাক্তন উগ্রপন্থীৰ বুলি প্রকাশ কৰি বিশেষ আৰক্ষী সঞ্চালকপ্রধান ড০ এল আৰ বিষ্ণয়ে প্রাক্তন এনডিএফবিৰ শীর্ষ নেতা এম বাথাৰ নেতৃত্বত ৩০জনীয়া দল পুনৰ জংঘললৈ যোৱা বুলি প্রকাশ কৰিছে৷ এম বাথা আৰু দলটোৰ হাতত অত্যাধুনিক মাৰণাস্ত্র থকাৰ কথা উল্লেখ কৰি তেওঁলোকৰ বিৰুদ্ধে শীঘ্রে কার্যব্যৱস্থা লোৱা হ’ব বুলি সদৰী কৰিছে ড০ এল আৰ বিষ্ণয়ে৷ ইপিনে আসন্ন বিধানসভা নির্বাচন শান্তিপূর্ণ কৰাৰ বাবে সকলো ধৰণৰ কার্যব্যৱস্থা লোৱা হ’ব বুলি স্পষ্ট কৰি দিছে শীর্ষ আৰক্ষী বিষয়াগৰাকীয়ে৷ উল্লেখ্য যে আজিৰ সংবাদ মেলত জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌছন, অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভা আৰু উপ–আৰক্ষী অধীক্ষক পুনমজিৎ নাথ উপস্থিত আছিল৷

You might also like