নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্ৰাইভিং লাইচেঞ্চৰ বাবে ১৯২ বাৰ পৰীক্ষা! প্ৰতিবাৰতে ফেইল এইজন লোক…

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ এজন লোকে সাধাৰণতে ড্ৰাইভিং লাইচেঞ্চৰ বাবে পৰীক্ষা দিব গৈ কিমানবাৰ ব্যৰ্থ হ’ব পাৰে বাৰু? এবাৰ বা দুবাৰ। কিন্তু কেতিয়াবা শুনিছিল নে ১৭ বছৰ ধৰি এজন মানুহে ড্ৰাইভিং লাইচেঞ্চ পাবলৈ পৰীক্ষাত বহি আছে। তেওঁ এতিয়ালৈকে ১৯২ বাৰ পৰীক্ষা দি এবাৰো পৰীক্ষাত উত্তীৰ্ণ হোৱা নাই। শুনি আচৰিত লাগিলেও পোলেণ্ডৰ এজন লোকে এই কথা প্ৰমাণ কৰি দেখুৱাইছে।

জানিব পৰা মতে, ৫০ বছৰীয়া লোকজন পোলেণ্ডৰ পইট্ৰকোউ ট্ৰায়াবুনালস্কিৰ বাসিন্দা। আন্তৰ্জাতিক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, মানুহজনে যোৱা ১৭ বছৰ ধৰি ড্ৰাইভিং অনুজ্ঞাপত্ৰৰ বাবে পৰীক্ষা দি আহিছে। কিন্তু তেওঁ ১৯২ বাৰ পৰীক্ষাত বহাৰ পাছতো পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰা নাই। এতিয়ালৈকে লোকজনে মুঠ ৬ হাজাৰ জলোটি(Zloty) বা ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় ১.১৩ লাখ ব্যয় কৰিছে।

দৰাচলতে, পোলেণ্ডত ড্ৰাইভিং লাইচেঞ্চ পৰীক্ষাক দুটা ভাগত বিভক্ত কৰা হয়। প্ৰথম থিয়ৰি বা তত্ত্ব পৰীক্ষা আৰু পিছত ব্যৱহাৰিক পৰীক্ষা।

থিওৰি পৰীক্ষাত ৫০-৬০ শতাংশ মানুহে পাছ কৰিলেও, ব্যৱহাৰিক পৰীক্ষা পাছ কৰে মাত্র ৪০ শতাংশ লোকেহে। আৰু বহু লোকে উত্তীৰ্ণ হ’বলৈ কমেও দুই বা তিনিবাৰ পৰীক্ষাত বহিবলগীয়া হয়। একেখন ছবি ব্ৰিটেইনতো আছে। আনকি সেই দেশতো এজন লোকে ড্ৰাইভিং লাইচেঞ্চ পৰীক্ষাত ১৫৭ বাৰতো উত্তীৰ্ণ হ’ব পৰা নাছিল। কিন্তু তেওঁ ১৫৮ তম বাৰৰ পাছত পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

You might also like