কোকৰাঝাৰত যুৱতীৰ মৃতদেহ উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ কোকৰাঝাৰ জিলাৰ বালাজান উপ–আৰক্ষী চকীৰ অন্তর্গত পূব দবৰাগাঁৱত সুনীতা মুর্মু নামৰ এগৰাকী যুৱতীৰ মৃতদেহ এটা নলাত উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে৷ প্রাপ্ত বাতৰি অনুসৰি চিৰাং জিলাৰ ৰুণীখাতাৰ নৱম শ্রেণীৰ ছাত্রী সুনীতা মুর্মুৰ স’তে কোকৰাঝাৰ জিলাৰ পূব দবৰাগাঁৱৰ নেৰচন কুমাৰ টুডুৰ দীর্ঘদিনীয়া প্রেমৰ সম্পর্ক আছিল৷ প্রেমৰ পৰিণতিত শাৰীৰিক সম্পর্ক স্থাপন হোৱাৰ পিছত সুনীতা গর্ভৱতী হৈছিল৷ গর্ভৱতী সুনীতাক পিছত পৰিয়ালৰ লোকে প্রেমিক নেৰচনৰ ঘৰত থৈ যায়৷ যোৱা ১৯ জুলাইতে পৰিয়ালৰ লোকে সুনীতাক প্রেমিক নেৰচনৰ ঘৰত থৈ যোৱাৰ পিছৰে পৰা সুনীতাই নেৰচনৰ ঘৰতে থাকিবলৈ লয়৷
অৱশ্যে সুনীতা মুর্মুৰ বয়স কম হোৱা বাবে গাঁওবাসীয়ে বিবাহত আপত্তি জনায় আৰু বিয়া নোহোৱাকৈ বিগত এমাহ ধৰি তেওঁলোকে একেলগে বসবাস কৰে৷ ইয়াৰ মাজতে দুয়োজনে আলোচনা কৰি সুনীতাৰ গর্ভপাত কৰে৷ ইপিনে, প্রেমিক–প্রেমিকাৰ মাজত পাৰিবাৰিক কন্দল আৰম্ভ হোৱাৰ সময়তে যোৱা ১৮ আগষ্টত সুনীতা সন্ধানহীন হয় আৰু নলা এটাত সুনীতাৰ মৃতদেহ উদ্ধাৰ হয়৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহটো প্রেৰণ কৰিছে৷ ইপিনে, মৃতকৰ পৰিয়ালে সুনীতা মুর্মুক হত্যা কৰা হৈছে বুলি অভিযোগ কৰি অভিযুক্তৰ ফাঁচিৰ দাবী উত্থাপন কৰিছে অন্যথা তেওঁলোকে নিজেই আইন হাতত তুলি ল’ব বুলি ভাবুকি দিছে৷ অতি কম পানীত উবুৰি খাই পৰি থকা মৃতদেহত আঘাতৰ চিন আছিল বুলিও দাবী কৰিছে মৃতকৰ পৰিয়ালে৷