নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলদৈত হিলদল ভাঙি ক’ৰোনা পৰীক্ষালৈ শিক্ষাগুৰু

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যৰ সকলো পর্যায়ৰ শিক্ষক–শিক্ষয়িত্রীৰ ক’ৰোনা পৰীক্ষা বাধ্যতামূলক কৰাৰ মঙলদৈত হিলদল ভাঙি ক’ৰোনা পৰীক্ষালৈ শিক্ষাগুৰু পাছতে আজি জনাকীর্ণ হৈ পৰে মঙলদৈৰ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপিত ক’ৰোনা পৰীক্ষা কেন্দ্রত৷ অহা ১ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠানত উপস্থিত হোৱাৰ পূর্বে আৰম্ভ হৈছে এই পৰীক্ষা৷

সেই উদ্দেশ্যে দৰং জিলাৰ বিভিন্ন মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক, উচ্চ মাধ্যমিক, মধ্য ইংৰাজী বিদ্যালয়ৰ সহস্রাধিক শিক্ষক–শিক্ষয়িত্রীয়ে পুৱা ৯ বজাৰ পৰা ভিৰ আৰম্ভ কৰে৷ মঙলদৈ নগৰীয়া স্বাস্থ্যকেন্দ্রৰ পৰিচালনাত চাৰিটা দলে চাৰিটা পৃথক কাউণ্টাৰত ছোৱাব সংগ্রহ কৰে৷ অৱশ্যে ৰেপিড এণ্টিজেন টেষ্টৰ পৰিৱর্তে আৰ টি–পি চি আৰ পদ্ধতিত কৰাত ফলাফল তিনি দিন পাছতহে উপলব্ধ হ’ব বুলি এগৰাকী দায়িত্ববাহী বিষয়া পূর্ণানন্দ চহৰীয়াই এই প্রতিবেদকক জনায়৷ আনহাতে ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অহা শিক্ষক নুৰুল হক, হিমাদ্রী বডো, চানুমণি বৰা, হিতেশ হাজৰিকা আদিয়ে কয়, ‘শিক্ষামন্ত্রীয়ে দিয়া প্রতিটো নির্দেশনা আমি আখৰে আখৰে পালন কৰি আহিছে ৷

ক’ৰোনা প্রসংগ অহাৰে পৰা গাঁৱে গাঁৱে সজাগতা সভা, তলাবন্ধৰ সময়ত দুখীয়া লোকক খাদ্য সামগ্রী দিয়া, ছাত্র–ছাত্রীক অনলাইন পদ্ধতিৰে পাঠদান কৰা কামত ব্রতী হৈ আহিছেছা৷ ক’ৰোনা পৰীক্ষা কৰিবলৈ দিয়াৰ ক্ষেত্রতো প্রথম দিনাই আমি হাজিৰ হৈছেছা৷’ কিন্তু দেশৰ ধৰণীস্বৰূপ স্বয়ং শিক্ষকসকলেই এই কেন্দ্রত কোনোধৰণৰ সামাজিক দূৰত্ব পালন নকৰা, বহুতে ঠেলা–হেঁচা লগোৱা আৰু মাস্ক নলগোৱাকৈ অহা কার্যই একাংশ শিক্ষকক হতচকিত কৰি তোলে৷ দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক বিজয় কুমাৰ বৰুৱাই কয়, ‘শিক্ষকেই যদি এনে আচৰণ কৰে, শিক্ষানুষ্ঠান খুলিলে ছাত্র–ছাত্রীয়ে কেনে আচৰণ কৰিব সেয়া সহজে অনুমেয়৷

You might also like