ভাতমুঠিৰ তাড়নাত নাঙল লৈ পথাৰত নামিছে বঢ়মপুৰৰ কন্যা কৰিস্মিতা
নিয়মীয়া বাৰ্তা ১২ জুলাইঃ ক’ভিডসৃষ্ট জটিল পৰিস্থিতি আৰু আর্থিক দুৰৱস্থাৰ মাজতো জীৱন সংগ্রামত ব্ৰতী হৈ এগৰাকী ছাত্রী তথা যুৱতী সকলোৰে বাবে প্রেৰণাৰ উৎস হৈ পৰিছে৷ নগাঁও জিলাৰ ঢ়মপুৰ সমষ্টিৰ অন্তর্গত ননৈ পানীগাঁও মাজৰ পাৰৰ কৰিস্মিতা দাস নামৰ ছাত্রীগৰাকী ইয়াৰ অন্যতম উদাহৰণ৷ নিজৰ পৰিয়ালৰ জীৱিকা নিৰ্বাহৰ বাবে এই ছাত্রীগৰাকী জীৱন সংগ্রামৰ ক্ষেত্রত বিভিন্ন সমস্যা আহিলেও ভাগি পৰা নাই৷
কৰিস্মিতা নামৰ ছাত্রীগৰাকীয়ে ধৈর্যশক্তি আৰু একান্ত আত্মিবশ্বাসক সাৰোগত কৰি কান্ধত তুলি লৈছে নাঙল৷ সাম্প্রতিক সময়ৰ উদ্বেগজনক পৰিস্থিতিৰ মাজতো পৰিয়ালক সকাহ দিয়াৰ লক্ষ্যৰে নামি পৰিছে কৃষি কার্যত৷ কান্ধত নাঙল, যুৱলি লৈ লধ গৰু খেদাই ছাত্রীগৰাকী পথাৰলৈ যোৱা দৃশ্যই সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷ সাধাৰণতে অসমৰ সমাজ স্থাত মহিলা বা যুৱতীয়ে পথাৰত হাল নাবায়৷ অৱশ্যে কেতিয়াবা ক’ৰ্বাত ক’ৰ্বাত দুই–এক মহিলাই হাল বোৱাৰ কথা শুন্বিলৈ পোৱা যায়৷ ননৈৰ এই ছাত্রীগৰাকীয়ে নিজৰ পৰিয়ালৰ জীৱিকাৰ বাবেবই এতিয়া কৃষি পথাৰত নামি পৰিছে৷ এতিয়া বাৰিষাৰ সময়৷ এই সময়ত শালি ধান ৰোপণ কৰাৰ সময়৷ শালি ধানৰ খেতি কৰিবৰ বাবেই কৰিস্মিতাই লধ গৰুৰ কান্ধত যুৱলি আৰু নাঙল জুটি পথাৰত হাল বোৱাৰ লগতে মৈ দিয়াৰ কাম কৰিছে৷
তদুপৰি নিখুঁতভাৱে কঠীয়া ৰোপণ কৰ্বি পাৰে ছাত্রীগৰাকীয়ে৷ নিজৰ পিতৃ প্রভাত চন্দ্র দাস আৰু মাতৃ প্রিয়লতা দাসৰ অসুস্থতাৰ বাবেই ঘৰখনৰ সকলো দায়িত্ব চম্ভাল্বি লগা হৈছে কৰিস্মিতাই৷ তেওঁৰ পৰিয়ালত আন সদস্য আছে যদিও বিভিন্ন কাৰণত কৰিস্মিতাই নিজে এই দায়িত্ব পালন কৰ্বি লগা হৈছে৷ জটিলতাৰ মাজতো জীৱন যুদ্ধত হাৰ নমনা এইগৰাকী ১৮ ছৰীয়া ছাত্রীয়ে গাঁৱলীয়া একা–েবঁকা বাটেৰে কৃষি কার্যৰ জৰিয়তে পৰিয়ালক সকাহ দিয়াৰ লগতে নৱপ্রজন্মৰ সন্মুখত দাঙি ধৰিছে কর্ম সংস্কৃতিৰ এক উৎকৃষ্ট নিদর্শন৷ কৃষি কার্যৰ সমান্তৰালভাৱে ছাত্রীগৰাকী শিল্প কর্মৰ লগত জড়িত হৈ পৰিছে৷
বিশেষকৈ তাঁতশালত কাপোৰ বৈ আন এক নিদর্শন দাঙি ধৰিছে৷ তদুপৰি ছাত্রীগৰাকীয়ে নাচ–গানৰ লগতে যোগাসনৰ চর্চা কৰি আহিছে৷ কঠোৰ জীৱন সংগ্রামত ৰত ছাত্রীগৰাকীৰ পৰিয়ালৰ প্রতি চৰকাৰৰ সুদৃষ্টি পৰা নাই লি জান্বি পৰা গৈছে৷ তাৰ মাজতো ছাত্রীগৰাকীয়ে নিৰলস সংগ্রামৰ জটিল সময়ক প্রত্যাহ্বান জনাই আগুৱাই গৈছে৷ নিশ্চিতভাৱে এইগৰাকী ছাত্রী সকলোৰে বাবে প্রেৰণাৰ উৎস৷ উল্লেখ্য যে ছাত্রীগৰাকী এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূডান্ত পৰীক্ষা দিয়াৰ কথা আছিল যদিও ক’ভিডসৃষ্ট পৰিস্থিতিৰ ােব পৰীক্ষা অনুষ্ঠিত নহ’ল৷