নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ মেধাৱী ছাত্রীঃ কৃষাংগী গোস্বামীৰ মৃত্যু

নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ বজালী মহকুমা সদৰ পাঠশালাৰ নিকৱৰ্টী  হৰিপুৰৰ এগৰাকী মেধাৱী ছাত্রীৰ অকাল বিয়োগে সমগ্র অঞ্চলতে শোকৰ ছাঁ পেলাইছে৷ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ স্নাতক পঞ্চম ষান্মাসিকত অধ্যয়নৰত ছাত্রী তথা হৰিপুৰ বৰভালা নিৱাসী শিক্ষক তপন গোস্বামীৰ একমাত্র কন্যা কৃষাংগী গোস্বামী (২১) বিগত কিছুদিন ধৰি অসুস্থতাত ভোগাত গুৱাহাটীৰ লগতে চেন্নাইত চিকিৎসাধীন হৈ আছিল৷ কিছু পৰিমাণে সুস্থ হোৱাত ঘৰলৈ লৈ আহে যদি পুনৰ অসুস্থ হৈ পৰাত প্রায় এসপ্তাহ পূর্বে গুৱাহাটী এপ’ল’ হাস্পতালত ভর্তি কৰোৱা হয়৷ আজি পুৱা চিকিৎসাধীন অৱস্থাতে ছাত্রীগৰাকীৰ বিয়োগ ঘটে৷ মেধাৱী আৰু অমায়িক স্বভাৱৰ ছাত্রীগৰাকীৰ নশ্বৰদেহ নিজ গৃহ আহি পোৱাৰ পিছতে এক অবর্ণনীয় শোকাকুল পৰিৱেশে বিৰাজ কৰে৷ ছাত্রীগৰাকীৰ বিয়োগত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্রতিষ্ঠান তথা ব্যক্তিয়ে শোক প্রকাশ কৰি অশ্রু–অঞ্জলি প্রদান কৰে৷

You might also like