মৰিয়নি কলেজত কম্পিউটাৰ লেবৰেট’ৰী-শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ
বিশেষ বাৰ্তা, ১ ছেপ্টেম্বৰঃ বৃহত্তৰ মৰিয়নি অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান মৰিয়নি মহাবিদ্যালয়ত আজি দুটাকৈ অনুষ্ঠান মুকলি কৰা হয়। ইয়াৰে এটা কম্পিউটাৰ লেব’ৰেট’ৰী আৰু আনটো শৰীৰ চৰ্চা কেন্দ্ৰ (জীম)। মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি দুয়োটা কেন্দ্ৰৰ মুকলি কৰে। উল্লেখযোগ্য যে, মহাবিদ্যালয়খনে ইতিপূৰ্বে লাভ কৰা ৰুছাৰ অনুদানেৰে কম্পিউটাৰ লেব’ৰেট’ৰীটো স্থাপন কৰাৰ বিপৰীতে শৰীৰ চৰ্চা কেন্দ্ৰটো সম্পূৰ্ণৰূপে মহাবিদ্যালয়ৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে। দু্য়োটা কেন্দ্ৰ মুকলি কৰি বিধায়ক কুৰ্মীয়ে বৰ্তমান কম্পিউটাৰ শিক্ষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি ছাত্ৰ ছাত্ৰীসকলক যিকোনো প্ৰকাৰে কম্পিউটাৰ শিক্ষাৰ প্ৰতি আগ্ৰহী হ’বলৈ আহ্বান জনোৱাৰ লগতে তেওঁলোকক উৎসাহিত কৰে। আনহাতে, মহাবিদ্যালয়ৰ নিজা উদ্যোগত স্থাপন কৰা শৰীৰ চৰ্চা কেন্দ্ৰ (জীম)ই ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক বিকাশ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিক ল’ব বুলি উল্লেখ কৰি ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ সদ্ব্যৱহাৰ কৰি নিজৰ নিজৰ স্বাস্থ্য আকৰ্ষণীয় কৰাৰ লগতে সুস্বাস্থ্য গঢ়ি তুলিবলৈ আহ্বান জনায়। আনহাতে, মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ বিশুদ্ধ খোৱা পানীৰ সুব্যৱস্থাৰ বাবে পাঁচ লাখ টকাৰ অনুদান ঘোষনা কৰে। অনুষ্ঠানটোত উপস্থিত থাকি মৰিয়নি মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শিশিৰ কুমাৰ বৰঠাকুৰে মহাবিদ্যালয়খনত এই দুয়োটা সংযোজনে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক আৰু শাৰীৰিক বিকাশত যথেষ্ট বৰঙনি যোগাব বুলি মন্তব্য কৰে। অনুষ্ঠান মুকলি অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰেন গোৱালাৰ উপৰি মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। অধ্যক্ষ ড° হৰেন গোৱালাই চলিত মাহৰ পৰা আৰম্ভ হ’বলগীয়া কম্পিউটাৰ এপ্লিকেচনৰ এড-অন-ক’ৰ্চৰ বাবে কম্পিউটাৰ লেবৰ ব্যৱহাৰ কৰা হ’ব বুলি জানিবলৈ দিয়ে। আনহাতে, মহাবিদ্যালয়লৈ বিধায়ক কুৰ্মীয়ে আগবঢ়োৱা অনুদানে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব বুলিও মন্তব্য কৰে। ইয়াৰ পিছতে মহাবিদ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া