নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অধঃপতিত সমাজ সংস্কাৰৰ দায়িত্ব ল’ব লাগিব আজিৰ নাৰী সমাজে

নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ  প্রাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ গুৰি ধৰোঁতা আছিল কেইবাগৰাকীও বিদুষী মহিলা৷ মৈত্রী–গার্গীৰ দৰে বিদুষী নাৰীয়ে নাৰী জাগৰণৰ এটা সুন্দৰ দৃষ্টান্ত দাঙি ধৰিছিল৷ আজিৰ নাৰী সমাজো পুৰুষৰ সমানেই খোজত খোজ মিলাই আগবাঢ়ি যাবলৈ সক্ষম হৈছে৷ কিন্তু ইয়াৰ সমান্তৰালকৈ সমাজত বিশৃংখলতা আৰু সমাজৰ অধঃপতন আৰম্ভ হৈছে৷ অধঃপতিত সমাজ সংস্কাৰৰ দায়িত্ব আজিৰ নাৰী সমাজে ল’ব লাগিব৷ –এই মন্তব্য অসম সাহিত্য সভাৰ উপ–সভানেত্রী মৃণালিনী দেৱীৰ৷ আজি ওদালগুৰি লেখিকা সন্থাৰ ৰূপালী জয়ন্তী উপলক্ষে আয়োজন কৰা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশ লৈ অসম সাহিত্য সভাৰ উপ–সভানেত্রীগৰাকীয়্ নাৰীসকলে নিজকে আধুনিক দেখুৱাবলৈ গৈ নিজৰ কর্তব্য আৰু দায়িত্ব কেতিয়াও পাহৰিব নালাগে বুলি উল্লেখ কৰি কয়– অধিৱেশন পাতি দেখুৱালে বা ফেচবুকৰ পাতত দুআষাৰ লিখিলেই নাৰী সমাজৰ উন্নতি আৰু উত্তৰণ সম্ভৱ নহয়৷ তেওঁ কয় যে মহিলাসকলে নিজৰ ঘৰৰ পৰাই সন্তানক সংস্কাৰৰ আদিপাঠ দিব লাগে৷

শিক্ষাৰ প্রসাৰ আৰু বিকাশৰ দ্বাৰা সমাজৰ অধঃপতন ৰোধ কৰিব লাগিব৷ ওদালগুৰি লেখিকা সন্থাৰ সভানেত্রী মঞ্জু দেৱী তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে অসম লেখিকা সন্থাৰ সভানেত্রী মঞ্জুলা শর্মা ভট্টচার্যই৷ এই উপলক্ষে প্রকাশ কৰি উলিওৱা স্মৃতিগ্রন্থ উন্মোচন কৰে অসম লেখিকা সন্থাৰ উপদেষ্টা মৃদুলা শর্মাই৷ মুকলি সভাত অসম লেখিকা সন্থাৰ প্রধান সম্পাদিকা নিৰু শর্মা পৰাজুলি, ওদালগুৰিৰ তথ্য আৰু জনসংযোগ বিষয়া নীলাক্ষি বৈশ্য, অনুবাদ সাহিত্য অকাডেমি পুৰস্কাৰ প্রাপক বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ তাৰাপতি উপাধ্যায়, ৰাষ্ট্রপতি পুৰস্কাৰ প্রাপক অৱসৰপ্রাপ্ত কৃতী শিক্ষক নৰেশ্বৰ ডেকা আদি কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে৷ ইয়াৰ পূর্বে পুৱা কবি গোষ্ঠী পৰিচালনা কৰে ওদালগুৰি জিলা কবি সমাজৰ সভাপতি গৌতমজ্যোতি তালুকদাৰে৷ কালি ৰূপালী জয়ন্তীৰ প্রথম দিনা পুৱা লেখিকা সন্থাৰ পতকা উত্তোলন কৰে ওদালগুৰি লেখিকা সন্থাৰ সভানেত্রী মঞ্জু দেৱী তালুকদাৰে আৰু স্মৃতি তর্পণ অনুষ্ঠান মুকলি কৰে ওদালগুৰি লেখিকা সন্থাৰ উপদেষ্টা প্রতিভা চহৰীয়াই৷ ৰূপালী জয়ন্তী উৎসৱৰ প্রথম দিনৰ কার্যসূচী হিচাপে ওদালগুৰি জিলা শিশু সুৰক্ষা সমিতিৰ সহযোগত ছাত্র–ছাত্রীৰ মাজত চিত্রাংকন প্রতিয়োগিতাৰ আয়োজন কৰা হয়৷ প্রতিযোগিতা পৰিচালনা কৰে শিল্পী দুলাল বডো আৰু দর্গেশ্বৰ ৰাভাই৷ ৰূপালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি মহিলাসকলৰ মাজত ঘোষানাম প্রতিযোগিতা, দিহানাম প্রতিযোগিতা, বিয়ানাম প্রতিযোগিতা আদি বিভিন্ন প্রতিযোগিতাৰ আয়োজন কৰাৰ লগতে সন্ধিয়া বন্তী প্রজ্বলন কৰা হয়৷

You might also like