নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত পেট্র’ল–ডিজেলত চলিছে ছিণ্ডিকেট

নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত থকা পেট্র’ল ডিপোসমূহত পেট্র’ল–ডিজেলৰ ছিণ্ডিকেট চলি থকা বুলি চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে অসম প্রদেশ যুৱ কংগ্রেছে৷ শুকুৰবাৰে গুৱাহাটীত এখন সংবাদ মেলত যুৱ কংগ্রেছৰ সাধাৰণ সম্পাদক জগদীশ বণিয়াই কয় যে আমেৰিকাৰ গীলবাৰকো ভিড’ৰ ৰুট (জি ভি আৰ) নামৰ কোম্পানীটোৱে যোগান ধৰা পেট্র’ল পাম্পসমূহৰ মেচিনত এটা বিশেষ ‘ডিভাইচ’ লগাই ছিণ্ডিকেট চক্রই গ্রাহকক লুণ্ঠন চলাই আহিছে৷ গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত থকা এইচ পি চি এল, বি পি চি এল আৰু আই অ’ চি এলে পেট্র’ল আৰু ডিজেল যোগান ধৰা বহুসংখ্যক পাম্পত জি ভি আৰ কোম্পানীৰ মেচিনত ডিভাইচ লগাই ছিণ্ডিকেট চলাই আহিছে দুষ্ট চক্রটোৱে৷ এই সন্দর্ভত জগদীশ বণিয়াই কয়– জি ভি আৰ কোম্পানীৰ অভিযন্তা বিৰাজ ডেকা আৰু গুণজিৎ চৌধুৰীয়ে অসমৰ গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত থকা বহুকেইটা পাম্পত ছিণ্ডিকেট চলাই আহিছে৷

উদাহৰণস্বৰূপে এজন গ্রাহকে ১০০ টকাৰ পেট্র’ল বা ডিজেল নিজৰ বাহনত ভৰালে ৯৫ টকাৰ তেল দি ৫ টকা আত্মসাৎ কৰা হয়৷ কিন্তু পাম্পত থকা মেচিনৰ ডিছপ্লেত ১০০ টকাৰে তেল দিয়া দেখুৱায় যদিও প্রকৃতে ৯৫ টকাৰহে দিয়া হয়৷ এই কথা গ্রাহকে মুঠেও গম নাপায়৷ এই তেল চুৰিৰ বিষয়ে তথ্য লাভ কৰাৰ লগতে এই সম্পর্কীয় এক কল ৰেকর্ডিঙো লাভ কৰিছোঁ৷ কেৱল অসমতে নহয়, মেঘালয়ৰ অঞ্জলি নামৰ পেট্র’ল পাম্পতো এই দুষ্কার্য চলি থকাৰ তথ্য লাভ কৰিছোঁ৷ এই কথা জানিব পাৰি অসমৰ দায়িত্বত থকা কলকাতাস্থিত জি ভি আৰ কোম্পানীৰ আঞ্চলিক কার্যালয়ৰ বিষয়া অনিমেষ দে’ক মই ডি টি ডি চি কুৰিয়াৰযোগে সকলো তথ্য প্রেৰণ কৰোঁ৷

আনকি এই বিষয়ে মই কেইবাখনো মেইল পঠিয়াওঁ যদিও বিষয়াজনে উত্তৰ দিয়াতো দূৰেৰ কথা আজিলৈকে কোনো ব্যৱস্থা গ্রহণ কৰা দেখা নগ’ল৷ হয়তো এই ছিণ্ডিকেটৰ লগত জি ভি আৰ কোম্পানী আৰু আই অ’ চি এলকে ধৰি এইচ পি চি এল আৰু বি পি চি এলৰ একাংশ বিষয়াৰে গোপন বুজাবুজি আছে৷ অৱশ্যে আই অ’ চি এলে তেল যোগান ধৰা কেইটামান পাম্পৰ মেচিন ‘আপগ্রেডেচন’ কৰা হয় যদিও এইচ পি চি এল আৰু বি পি চি এল আদিয়ে তেল যোগান ধৰা পাম্পৰ মেচিন বর্তমানো আপগ্রেডেচন কৰা হোৱা নাই৷ অর্থাৎ ২০১৯ চনৰ পৰা আপগ্রেডেচন নকৰা বাকী পাম্পসমূহৰ জৰিয়তে ছিণ্ডিকেট চক্রটোৱে বর্তমানো গ্রাহকক লুণ্ঠন চলাই কোটি কোটি টকা পকেটত ভৰাইছে৷ সেয়ে জি ভি আৰ কোম্পানীয়ে অসমত যোগান ধৰা পাম্পৰ মেচিনসমূহ অহা জুলাই মাহৰ ভিতৰত ‘আপগ্রেড’ কৰিবলৈ দাবী জনালোঁ৷ এই ছিণ্ডিকেটৰ লগত তেল কোম্পানীৰ একাংশ বিষয়া, সংশ্লিষ্ট পাম্পসমূহৰ স্বত্বাধিকাৰী জড়িত নাথাকিলে জি ভি আৰ কোম্পানীৰ বিষয়াই গ্রাহকক মাধমাৰ সোধাবলৈ সাহক নকৰে৷ সেয়ে ছিণ্ডিকেটৰ তদন্ত কৰিবলৈ অর্থনৈতিক অপৰাধ অনুসন্ধান শাখাত গোচৰ তৰা হ’ব বুলিও জগদীশ বণিয়াই সংবাদ মেলত হুংকাৰ দিয়ে৷

You might also like