নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেঁচুৱাক কোলাত লৈ মহিলাৰ বৰাক নদীত জঁপিয়াই আত্মহত্যা

নিয়মীয়া বাৰ্তা ,২০ জানুৱাৰী : কেঁচুৱাক কোলাত লৈ এগৰাকী মহিলাই বৰাক নদীত জঁপিয়াৰ আত্মহত্যাৰ ঘটনাত শিলচৰ অন্নপূৰ্ণা ঘাটত চাঞ্চল্যৰ সৃষ্টি হৈছে। কালি সন্ধিয়া ৭টা ৩০ মিনিট মান বজাত শিলচৰ অন্নপূৰ্ণা ঘাটত এই ঘটনা সংঘটিত হয়। ইয়াৰ ফলত কৌতূহলী জনতাই নদীৰ পাৰত ভিৰ কৰে। ছুমাৰাণী নমশূদ্ৰ (৩২) নামৰ এগৰাকী মহিলাই তেওঁৰ দুবছৰীয়া কন্যা সন্তানক লৈ নদীত জঁপিয়াই । খবৰ অনুসৰি, মহিলাগৰাকী শিলচৰ চহৰৰ ইটখলা ঘাট অঞ্চলৰ বাসিন্দা। ঘটনাটোৱে ইটখলা অঞ্চলতো চাঞ্চল্যৰ সৃষ্টি কৰিছে। নদীত জঁপিয়াই পৰাৰ আগতে ছুমাৰাণী বহি থকা ঠাইত এটা মোনা পোৱা যায়।বেগটোৰ ভিতৰত এটা বেংকৰ পাছবুক আছিল। এই পাছবুকৰ ঠিকনাটো চোৱাৰ পিছত তেওঁৰ স্বামী সুজিত নমশূদ্ৰৰ সৈতে যোগাযোগ কৰা হয়। স্বামী সুজিতে খবৰ পাই ঘটনাস্থলীত উপস্থিত হয়। তদুপৰি আৰক্ষী বাহিনীও ঘটনাস্থলীত উপস্থিত হয়। লগতে এছডিআৰএফ জোৱানক মাতি অনা হয় । পিছত এছডিআৰএফ জোৱানে ৰাতিয়েই তালাচী আৰম্ভ কৰে। কিন্তু ছুমাৰাণী আৰু তাইৰ সন্তানক বিচাৰি পোৱা নাই। বৃহস্পতিবাৰে পুৱাৰ পৰাই বৰাক নদীত তালাচী অব্যাহত ৰাখিছে এছডিআৰ এফ জোৱানে ।

উল্লেখ্য, সুজিত নমশূদ্ৰৰ ঘৰ চনবিল অঞ্চলত । তেওঁলোকে শিলচৰ ইটখলাঘাটত পৰিয়ালৰ সৈতে এটা ভাড়াঘৰত বাস কৰিছিল। সুজিতে আৰক্ষীক কয় যে, ছুমাৰাণী ভোগালী বিহুৰ আগতে কৰিমগঞ্জৰ দুল্লভছৰা অঞ্চলত তেওঁৰ দেউতাকৰ ঘৰলৈ গৈছিল। ছুমা দিনৰ ১১ বজাত শিলচৰলৈ ৰাওনা হৈছিল। আৰু তেওঁ ছুমা ঘুৰি অহাৰ বাবে অপেক্ষা কৰি আছিল। তেওঁৰ কথাত, তেওঁলোকৰ মাজত কোনো কাজিয়া হোৱা নাছিল। তেওঁ বুজি পোৱা নাই যে ছুমায় কিয় আত্মহত্যা কৰিছে। ইফালে, মৃত মহিলাৰ ভায়েক মদন মোহন দাসে সাংবাদিকৰ আগত কয় যে, ছুমাই স্বামীক নোকোৱাকৈ কন্যা সন্তানৰ নামত ৩০ হাজাৰ টকা বেংকত জমা কৰিছিল। তেওঁৰ সন্দেহ যে স্বামী-পত্নীৰ মাজত টকাখিনি লৈ বিবাদ হ’ব পাৰে। ইপিনে এই বাতৰি লিখাৰ সময়লৈকে মৃতদেহ দুটা উদ্ধাৰ হোৱা নাই। এছডিআৰ এফ জোৱানে তালাচী চলাই আছে।

You might also like