নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহোৱালৰ মাইজান চাহ বাগিছাত পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘ

  • লাহোৱালৰ মাইজান চাহ বাগিছাটো পিঞ্জৰাবদ্ধ আন এটা প্ৰকাণ্ড নাহৰফুটুকী

নিয়মীয়া বাৰ্তা, ৭মে – লাহোৱাল ডিকমৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱাই মৃত অৱস্থাত এটা নাহৰফুটুকী বাঘ উদ্ধাৰ হয় ৷বাঘটোৰ শৰীৰত দেখা পোৱা আঘাতৰ চিনলৈ চাই নিশা তীব্ৰ বেগেৰে অহা কোনো অচিনাক্ত বাহনৰ খুন্দাতে নাহৰফুটুকী বাঘটো মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে ৷ পুৱাই স্থানীয় লোকে মৃত অৱস্থাত বাঘটোক পৰি থকা প্ৰত্যক্ষ কৰি ডিকম আৰক্ষীক খৱৰ দিয়াত ডিকম আৰক্ষীয়ে বাঘটো উদ্ধাৰ কৰি বনবিভাগক গতাই দিয়ে বুলি জানিবলৈ পোৱা গৈছে ৷ ইফালে লাহোৱাল মাইজান চাহ বাগিছাতো দীৰ্ঘদিনৰ পৰা পশুধন খাই সন্ত্ৰাস সৃষ্টি কৰি অহা এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ আজি বনবিভাগে পতা পিঞ্জৰাত পিঞ্জৰাবদ্ধ হোৱা বুলি জানিব পৰা গৈছে৷

 

You might also like