লখিমপুৰ জিলা কাৰাগাৰত হাজোতীৰ আত্মহননৰ অপচেষ্টা, চিকিৎসালয়ত মৃত্যু
বিশেষ বাৰ্তা, ৪ ডিচেম্বৰঃ লখিমপুৰ জিলা কাৰাগাৰত আজি এজন হাজোতীৰ আত্মহননৰ ঘটনা সংঘটিত হয়। তেওঁ হল ঢকুৱাখনাৰ পৱন বৰুৱা ২৭। আজি পুৱাবেলা জিলা কাৰাগাৰৰ বাথৰূমৰ ভিতৰত গামোচাৰে চিপ লৈ আত্মহত্যাৰ প্ৰচেষ্টা কৰে। কাৰাধক্ষই জনোৱা মতে এই ঘটনাত হুলস্থুল লগাৰ লগে লগে তেওঁক উদ্ধাৰ কৰি ততাতৈয়াকৈ লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। কিন্তু প্ৰায় ১১ বজাত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। এই লৈ লখিমপুৰত চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্য ঢকুৱাখনাৰ নাৰায়ণপুৰ চাপৰি নিবাসী পৱন বৰুৱাই পকছো গোচৰত অভিযুক্ত হৈ ন্যায়িক জিম্মা পাইছিল। যোৱা মে মাহত তেওঁক আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। উল্লেখ্য তেওঁৰ বিৰুদ্ধে ঢকুৱাখনা থানাত ৰুজু হোৱা ৩১/২৪ নম্বৰৰ গোচৰটো পাছত লখিমপুৰৰ বিশেষ পকছো আদালতত ৬৬/২৪ নম্বৰত পঞ্জীয়ন হয়। এই মৰ্মে তেওঁ লখিমপুৰ জিলা কাৰাগাৰত হাজোতী হৈ আছিল। ইতিমধ্যে তেওঁৰ একাধিক বাৰ জামিন আবেদন নাকচ হোৱা বুলি জানিব পৰা গৈছে। এনেবোৰ কাৰণতে হতাশাগ্রস্ত হৈ তেওঁ আত্মহননৰ পথ লোৱা বুলি ধাৰণা কৰা হৈছে।
প্ৰেৰক জীৱন গোস্বামী