নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যলৈ

নিয়মীয়া বাৰ্তা, ৫ জুলাইঃ বানৰ পিছতেই লাওখোৱাৰ ৩নং ভূৰবন্ধাত আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া৷ বান পৰিস্থিতি কিছু পৰিমাণে হ্ৰাস পাইছে যদিও নৈপৰীয়া অঞ্চলৰ ৰাইজৰ নিদ্ৰাহৰণ কৰিছে খহনীয়াই। আজি পুৱাৰে পৰা আৰম্ভ হোৱা খহনীয়াই চপৰা চপৰে খহাইছে কৃষিভূমি৷ প্ৰায় ৫০ বিঘাৰো অধিক ভূমি খহাই নিছে এটা দিনতে। যাক লৈ এতিয়া শংকিত হৈ পৰিছে নৈপৰীয়া অঞ্চলৰ ৰাইজ। খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যৰ লগতে ৩নং ভূৰবন্ধাৰ ৰাজহ গাঁৱলৈ। বানৰ কবলৰ পৰা উদ্ধাৰ নৌহওঁতেই খহনীয়াই লৈছে এই কাল ৰূপ। চকুৰ পলকতে চপৰা চপৰে খহাইছে কৃষিভূমি। উল্লেখ্য কেইদিনমান পূৰ্বে ৰাইজে বৰঙণি উঠাই বাহৰ পাৰ্কোপাইনৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া নিৰ্মূল কৰাৰ চেষ্টা চলায়ো বিফল হৈছে স্থানীয় ৰাইজ। চৰকাৰে অতি সোনকালে খহনীয়া ৰোধৰ চেষ্টা নকৰিলে দুটাকৈ ৰাজহ গাঁৱৰ লগতে দুটাকৈ বণ্যপ্ৰাণী অভয়াৰণ্য ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যোৱাৰ আশংকা কৰা হৈছে।

প্ৰেৰক জহিৰুল ইছলাম

You might also like