🔹বিশ্বৰ সবাতোকৈ শক্তিশালী লেজাৰ নির্মাণৰ প্রস্তুতি গ্রেট ব্রিটেইনৰ
বিশেষ বাৰ্তা, ৩০ ছেপ্টেম্বৰ : পৰিচ্ছন্ন শক্তি আৰু কর্কট চিকিৎসাৰ বাবে অভিনৱ উদ্ভাৱনৰ দিশে আগবাঢ়িছে গ্রেট ব্রিটেইন৷ দেশখনে বিশ্বৰ সবাতোকৈ শক্তিশালী লেজাৰ নির্মাণ কৰিবলৈ প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷ সূর্যতকৈ নিযুত, কোটি কোটি গুণ উজ্জ্বলতৰ লেজাৰ নির্মাণ কৰাৰ বাবে ব্রিটেইনে ব্যয় কৰিব ৮৫ নিযুত পাউণ্ড৷ গ্রেট ব্রিটেইনৰ ছায়েন্স এণ্ড টেকন’লজী ফেচেলিটিজ কাউঞ্চিল, চমুকৈ এছটিএফচিক ভালকান ছিষ্টেম উন্নত কৰিবলৈ ৮৫ নিযুত পাউণ্ড পুঁজি যোগান ধৰিছে৷ এই পুঁজিৰে দেশখনে বিশ্বৰ সবাতোকৈ শক্তিশালী লেজাৰ নির্মাণৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ অক্সফ’ৰ্ড ছায়াৰত এছটিএফচি চেণ্ট্ৰেল লেজাৰ ফেচিলিটিত থকা সঁজুলি ভালকান ২০২০ৰ জৰিয়তে বৈজ্ঞানিক গৱেষণাত ৰূপান্তৰকামী সৃষ্টি কৰিব৷ যিয়ে পৰিচ্ছন্ন শক্তি আৰু কর্কট চিকিৎসাৰ বাবে নতুন উদ্ভাৱন ৰূপে পৰিগণিত হ’ব৷ ২০ গুণ শক্তি বৃদ্ধিৰে ভালকান ছিষ্টেমেৰে বিশ্বৰ সবাতোকৈ শক্তিশালী লেজাৰ নির্মাণ কৰা হ’ব৷ এই উদ্ভাৱনৰ বাবে পুঁজি ব্যয় কৰিছে গ্রেট ব্রিটেইন ৰিছার্চ এণ্ড ইনোভেচনে৷ উল্লেখ্য যে বর্তমান গ্রেট ব্রিটেইনত যি ভালকান লেজাৰ আছে, তাৰ তুলনাত এশ গুণ অধিক হ’ব৷ অর্থাৎ এই লেজাৰ ছাহাৰা মৰুভূমিৰ উজ্জ্বলতম সূর্যৰ পোহৰতকৈ কোটি কোটি গুণ উজ্জ্বলতম হ’ব৷ জ্যোতিবিদ্যা আৰু পদার্থ বিজ্ঞানত এই পৰিকল্পনাৰ জৰিয়তে গ্রেট ব্রিটেইনে একধৰণৰ বৈজ্ঞানিক গৱেষণাত বৈপ্লৱিক পৰিৱর্তন অনাৰ বাবে প্রস্তুতি চলাইছে৷ তথ্য মতে, ২০২৯ চনৰ ভিতৰত এই প্রকল্পটো সম্পূর্ণ হৈ উঠিব আৰু বিশ্ব বিজ্ঞানীয়ে নতুন সংস্থাপন লাভ কৰিব৷