নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্নীতি নিবাৰক শাখাৰ জালত ধিং ৰাজহ চক্ৰৰ লাট মণ্ডল 

  • ঘোচ লওতেই হাতে লোতে কৰায়ত্ত
নিয়মীয়া বাৰ্তা, ২৩মাৰ্চ: দুৰ্নীতিৰ ভুস্বৰ্গত পৰিণত হৈছে নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়। ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গৰাকীৰ প্ৰশাসনিক শিথিলতাৰ সুযোগ গ্ৰহণ কৰি  কাৰ্যালয়টোত দুৰ্নীতিৰ পোহাৰ মেলিছে একাংশ লাট মণ্ডল আৰু কৰ্মচাৰীয়ে।  অৱশেষত আজি ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ  এজন ঘোচখোৰ লাট মণ্ডলক দুৰ্নীতি নিৱাৰক শাখাই ঘোচ লৈ থকা অৱস্থাতে হাতেলোতে কৰায়ত্ত কৰে। ঘোচ লৈ গ্ৰেপ্তাৰ হোৱা লাট মণ্ডল জনৰ নাম পিনাকী দেৱ নাথ । জানিব পৰা মতে,এই ঘোচখোৰ লাট মণ্ডল জনে মাটিৰ নামজাৰিৰ কামৰ বাবদ নিজ ধিং অঞ্চলৰ নুৰুল ইছলাম নামৰ লোক এজনৰ পৰা চাৰি হেজাৰ টকা উৎকোচ লৈছিল।
ভুক্তভোগী লোক জনৰ পৰা উৎকোচ লৈ থকা অৱস্থাতে‌ পুৰ্ব পৰিকল্পনা অনুসৰি আজি দুৰ্নীতি নিবাৰক শাখাই জালত পেলায় পিনাকী দেৱ নাথক । অতি ঘোচখোৰ বুলি খ্যাত হোৱা সত্বেও এই লাট মণ্ডল জনক ৰাজহ চক্ৰটোৰ অন্তৰ্গত লহকৰ,আঠগাঁও আৰু নিজধিং কিচামৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। বৰ্তমানেও ধৃত মণ্ডল দেৱনাথক ধিং চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাই সোধপোচ অব্যাহত ৰাখিছে ।
উল্লেখ্য যে, এইজন ঘোচখোৰ লাট মণ্ডল পিনাকী দেৱনাথে এটাসপ্তাহৰ পূৰ্বেও এটা চহীৰ নামত ৫০০ টকা ঘোচ লোৱাৰ ভিডিঅ’ ইতিমধ্যে পোহৰলৈ আহিছে । ঘোচখোৰ মণ্ডল পিনাকী দেৱনাথক গ্ৰেপ্তাৰৰ পাছতেই পোহৰলৈ আহিছে আৰু বহু জনৰ পৰা তেওঁ মাটিৰ কামৰ বাবদ ঘোচ লৈ কাম নকৰাৰ কেতবোৰ গুৰুতৰ অভিযোগ । লগতে ধিং চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত প্ৰায় একাংশ লাট মণ্ডল আৰু কৰ্মচাৰীয়ে ঘোচ লৈ কাম কৰাৰ  অভিযোগ আজি মুকলিকৈয়ে প্ৰকাশ কৰিছে একাংশ ভুক্তভোগীয়ে ।
You might also like