নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ডিব্ৰুগড়ত জি-২০ সন্মিলনঃ বিশ্বৰ ২০খনকৈ ৰাষ্ট্ৰৰ ১০৩ গৰাকী প্ৰতিনিধিৰ উপস্থিতিয়ে মুখৰিত ডিব্ৰুগড়

নিয়মীয়া বাৰ্তা, ২৩মাৰ্চ:  বিশ্বৰ ২০খনকৈ বিদেশ ৰাষ্ট্ৰৰ ১০৩ গৰাকী প্ৰতিনিধিৰ উপস্থিতিয়ে মুখৰিত কৰিলে ডিব্ৰুগড় চহৰ।প্ৰতিকুল বতৰৰ মাজতে আজি ডিব্ৰুগড়ত জি-২০ৰ ২০ খন সদস্য ৰাষ্ট্ৰ সহ ৯ খন অতিথি ৰাষ্ট্ৰৰ মুঠ ১০৩ গৰাকী প্ৰতিনিধি ভিষ্টাৰা চাৰ্টাড ফ্লাইট(ইউ কে-৬০০১)ৰ জৰিয়তে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত দুপৰীয়া প্ৰায় ১-৫০ বজাত উপস্থিত হোৱাৰ পাছত ডিব্ৰুগড় জিলা প্ৰশাসনে ফুলাম গামোচা,জাপিৰে বিপুলভাবে আদৰণি জনায়।ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলৰ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শনেৰে মুখৰিত হৈ পৰে মোহনবাৰী বিমানবন্দৰ চৌপাশৰ পৰিবেশ।বিহু নৃত্য,টাই আহোম,চাহ জনগোষ্ঠী,চিফু্ং,নেপালী, ফাকিয়াল,সোনোৱাল কছাৰী,মিচিং জনগোষ্ঠীয় নৃত্যৰ জৰিয়তে বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি সকলক উস্ম আদৰণি জনোৱা হয়। উল্লেখযোগ্য যে,দলটো বিমানবন্দৰত উপস্থিত হৈ অসমৰ সাংস্কৃতিক দল সমুহৰ নৃত্য উপভোগ কৰি আপ্লুত হৈ পৰে।

ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰৰ পৰা বিলাসী বাছত পোনে পোনে দলটোক অসমৰ চাহ উৎপাদনৰ সন্দৰ্ভত বুজ লোৱাৰ বাবে চাহ বাগিছা আৰু চাহ বাগিছা ফেক্টৰী পৰিদৰ্শন কৰোৱা হয়।দলটোক তিনিটা ভাগত বিভক্ত হৈ ক্ৰমে মনোহাৰী চাহ বাগিচা,মানকটা আৰু এথেলউড চাহবাগিচা পৰিদৰ্শন কৰে।দলটোৱে চাহৰ উৎপাদন প্ৰক্ৰিয়াৰ সামগ্ৰিক ব্যৱস্থা,চাহৰ গুনাগুন,ইয়াৰ মানদণ্ড নিৰুপন কৰাৰ ব্যৱস্থাৱলীৰ লগতে চাহৰ জুতি লয়।

ইয়াৰ পাছতে দলটোৰ বাবে সুনিদিষ্ট কৰি ৰখা ডিব্ৰুগড়ৰ তিনি খন হোটেলত পৃথকে পৃথকে ৰখাৰ ব্যৱস্থা কৰা হয়,য’ত তেওঁলোকে নিশা যাপন কৰিব।আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সহযোগিতাৰ বাবে বিশ্বৰ এক অগ্ৰণী মঞ্চ জি-২০ সন্মিলনৰ বাবে ইতিমধ্যেই ব্যাপক প্ৰস্তুতিৰে ডিব্ৰুগড় জিলা প্ৰশাসনে প্ৰতিকুল বতৰৰ মাজতে সম্পূৰ্ণ কৰি তুলিছে। ২৪ আৰু ২৫ মাৰ্চত ডিব্ৰুগড়ত অনুষ্ঠিতব্য জি-২০ বৈঠকত উপস্থিত থাকিব ইয়াৰ ২০ খন সদস্য ৰাষ্ট্ৰ আৰু ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে ৯ খন অতিথি ৰাষ্ট্র আৰু আমন্ত্ৰিত আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধি সহ মুঠ ১০৩ গৰাকী প্ৰতিনিধি।ডিব্ৰুগড়ৰ সেউজীয়া চাহ বাগিছাৰ মাজত অৱস্থিত বিলাসী ‘মনোহাৰী ৰিজৰ্টত’ শুক্ৰবাৰে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৪ বজালৈকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ গৱেষণা আৰু উদ্ভাৱন উদ্যোগ গোটৰ (Research and innovation initiative) ‘আৰ আৰ আই জি ছাইড ইভেণ্ট’ অনুষ্ঠিত হ’ব।য’ত ইউৰোপীয় সংঘৰ উপৰি ইয়াৰ ২০ খন সদস্যৰাষ্ট্ৰ ক্ৰমে আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, জাৰ্মানী, ফ্ৰান্স, ভাৰত, ইণ্ডোনেচিয়া, ইটালী, জাপান, কোৰিয়া, মেক্সিকো, ৰাছিয়া, চৌদি আৰৱ, দক্ষিণ আফ্ৰিকা, তুৰ্কী, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সহ ৯ খন অতিথি ৰাষ্ট্র আৰু আমন্ত্ৰিত আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধি ক্ৰমে বাংলাদেশ, ইজিপ্ত,মৰিছাছ,নেণ্ডাৰলেণ্ড, নাইজেৰিয়া, ওমান, ছিংগাপুৰ, স্পেইন আৰু ইউ এ ই’ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি নিজৰ নিজৰ বিষয়ৰ সন্দৰ্ভত আলোচনা কৰিব।আনহাতে শুক্ৰবাৰে সন্ধিয়া বগীবিলৰ ব্ৰহ্মপুত্ৰৰ নৈৰ্শগিক পৰিৱেশত নৈশভোজৰ (Gala Dinner) আয়োজন কৰা হৈছে।য’ত বিদেশ ৰাষ্ট্ৰৰ প্ৰতিনিধি সকলে বিশাল মহাবাহুৰ সুভাপান কৰাৰ লগতে এচিয়াৰ সৰ্ব্ববৃহৎ বগীবিল দলঙৰ মনোমহা দৃশ্য।উপভোগ কৰিবলৈ সক্ষম হব।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like