লক্ষ্মীদেৱীৰ আৰধনাৰে উদুলি-মুদুলি বৰক্ষেত্ৰীৰ বৰতলা; লক্ষ্মী দেৱীৰ প্ৰতিমা লৈ বৰ্ণিল শোভাযাত্ৰা
চাৰিদিনীয়াকৈ ৮০ সংখ্যক লক্ষ্মী পূজা উদযাপন ৷
নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰ:: ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা আৰম্ভ হৈছে ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱীৰ লক্ষ্মী পূজা। সমান্তৰালভাৱে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বৰতলাতো ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীক আৰাধনা কৰাৰ উদ্দেশ্যৰে চাৰিদিনীয়া বিস্তৃত কাৰ্যসুচীৰে আজিৰ পৰা আৰম্ভ হৈছে ৮০ সংখ্যক লক্ষ্মী পূজা ৷ জাকজমকতা আৰু আধ্যাত্মিক পৰিৱেশৰ মাজত লক্ষ্মীৰ আৰধনাৰে উদুলি মুদুলি হৈ পৰিছে সমগ্ৰ অঞ্চল। আজি পুৱা পতাকা উত্তোলন কৰাৰ পিছতে লক্ষ্মী দেৱীৰ প্ৰতিমা লৈ উলিয়ায় এক বৰ্ণিল শোভাযাত্ৰা ৷ শংখ-ঘন্টাৰ ধ্বনি, আয়তীৰ উৰুলি , গায়ন-বায়ন, সংকীৰ্ত্তন, বেণ্ডপাৰ্টী, ঢুলীয়া আদিৰ সমাহাৰেৰে উলিওৱা বৰ্ণিল শোভাযাত্ৰাত ভক্তিৰসত গদগদ হৈ থাকে সমগ্ৰ গাঁওখন ৷ শোভাযাত্ৰাৰ অন্তত লক্ষ্মী দেৱীৰ প্ৰতিমা লক্ষ্মী মন্দিৰত স্থাপন কৰি পুৰোহিতৰ দ্বাৰা পূৰ্জা-অৰ্চনা, হোমযোজ্ঞ,আৰতি পৰ্ব আৰু ওজা পালিৰ দেৱী বন্দনাৰে গাঁওবাসীয়ে লক্ষ্মী দেৱীৰ ওচৰত আৰধনা কৰে ৷ সমান্তৰালভাৱে পুৱা লক্ষ্মী মন্দিৰৰ মুখ্যদ্বাৰ উন্মোচন কৰাৰ পিছত মন্দিৰ চৌহদত গছপুলি ৰোপণ কৰে অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ৷ আধ্যাত্মিকতাৰে পৰিৱেশ গদগদ হৈ থকাৰ পিছত নিশা ৰাজগুৰু মিনি থিয়েটাৰে নাট পৰিবেশন কৰে ৷
কাৰ্যক্ৰমণিকা অনুসৰি কাইলৈ সোমবাৰে পুৱা ৮ বজাত লক্ষ্মী মন্দিৰত আয়তীৰ নাম প্ৰসংগৰ পিছতে দিনৰ ১০ বজাৰ পৰা লক্ষ্মী দেৱীৰ আধাৰত দিহা নাম প্ৰতিযোগিতা ৷ প্ৰতিযোগিতা উদ্বোধন কৰিব বৰ্ণিবাৰী-নপ্তিপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কনকলতা দাসে ৷ সন্ধিয়া ৬ বজাত অসমীয়া গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা । বৰতলা গাঁৱৰ সাংস্কৃতিক কৰ্মী নিৰেন বৰ্মনে নৃত্য প্ৰতিযোগিতাত উদ্বোধন কৰিব বুলি জানিবলৈ দিয়ে লক্ষ্মী পূজা উদযাপন সমিতিৰ সহকাৰী সাংস্কৃতিক সম্পাদক পল্লৱ শৰ্মাই ৷ ১১ অক্টোবৰ পুৱা ১০ বজাত লক্ষ্মী মন্দিৰত ভাগৱত পাঠ কৰিব অসম সত্ৰ মহাসভাৰ স্বীকৃতিপ্ৰাপ্ত আজীৱন সভ্য জগন্নাথ দাসে ৷ দুপৰীয়া ১২ বজাত চিত্ৰাংকণ প্ৰতিযোগিতা উদ্বোধন কৰিব বৰক্ষেত্ৰী প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া নিকুঞ্জ বৰ্মনে ৷ ১২.৩০ ভেশচন প্ৰতিযোগিতা উদ্বোধন কৰিব বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকে ৷ ১ বজাত মহিলাৰ বিভিন্ন খেল ধেমালী উদ্বোধন কৰিব বৰতলা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক দীনেশ্চন্দ্ৰ বৰ্মনে ৷ সন্ধিয়া ৭ বজাত পুতুলা নাচ উদ্বোধন কৰিব বৰতলা হাইস্কুলৰ প্ৰধান শিক্ষক ভুৱনেশ্বৰ নাথে ৷ ১২ অক্টোবৰত পুৱা ৮ বজাত আয়তীৰ নাম প্ৰসংগ আৰু বজাত গীতা পাঠ ৷ নিশা ৯ বজাত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ন ডেকাই ৷ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভড়ালীয়ে ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব নলবাৰী জিলাৰ আৰক্ষী আধীক্ষক পবিন্দ্ৰ কুমাৰ নাথ ৷ অনুষ্ঠানত ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে লক্ষ্মী পূজা উদযাপন সমিতিয়ে ৷