ভক্স পপুলীৰ উদ্যোগত গোলাঘাট সাহিত্য উৎসৱ-গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন
বিশেষ বাৰ্তা, ১২ নৱেম্বৰঃ গোলাঘাটৰ অগ্ৰনী স্বেচ্ছাসেৱী সংগঠন ভক্স পপুলীৰ উদ্যোগত, গোলাঘাট জিলা প্ৰশাসন, বিভিন্ন দল-সংগঠন অনুষ্ঠান-প্ৰতিষ্ঠান,ৰাইজৰ সহযোগত ২৭ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ ১০ দিনীয়া বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হ’ব গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা-২০২৪। এই উপলক্ষে আজি গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত উদুলি-মুদুলি পৰিৱেশত সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলাৰ ‘লাইখুঁটা’ স্থাপন কাৰ্যসূচী সম্পন্ন হৈ যায়। আইতিৰ উৰুলিৰে বিপুল সমাৱেশৰ মাজত আজি বন্তি প্ৰজ্বলন, ধূপ-ধূণা জ্বলাই মাংগলিক কৰ্মৰে গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰে সৰুপথাৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকনে। এই উপলক্ষে গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি পূৰ্ণ ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বক্তব্য আগবাঢ়াই বিধায়ক বিশ্বজিৎ ফুকনে গ্ৰন্থমেলাৰ দৰে বৌদ্ধিক আন্দোলনৰ এনে যোগাত্মক আৰু গঠনমূলক কাৰ্যসূচীত চৰকাৰ, প্ৰশাসনৰ তৰফৰ পৰা সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ সন্দৰ্ভত তেওঁ ইতিহাস সম্বলিত বিষয়ৰ ওপৰতো বিস্তৃতভাৱে আলোকপাত কৰে। ভক্স পপুলীৰ অধ্যক্ষ তথা উদযাপন সমিতিৰ সাধাৰণ সম্পাদক দেৱজিৎ ফুকনে আদৰণি ভাষণ প্ৰদান কৰা সভাত গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি তফজুল হক বৰবৰা, বিশিষ্ট শিক্ষাবিদ ড° নৃপেন বৰুৱা, গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° পুতুল চন্দ্ৰ শইকীয়া, গোলাঘাট হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° বিপুল চন্দ্ৰ ভূঞা, গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° উৎপল শৰ্মা, বিশিষ্ট শিক্ষাবিদ ড° লুকুমণি গোস্বামী, ড° বন্তিৰাণী গগৈ ফুকন, মেলামৰা কণিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তিলেশ্বৰ তামূলী, জ্যেষ্ঠ সাংবাদিক, গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি দিগন্ত কুমাৰ ভূঞা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি জিতুল ৰাজখোৱা, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু গগৈ আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ আঁত ধৰে অজয় ভৰালীয়ে। উল্লেখ্য যে গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলাত অসমৰ উপৰি দিল্লী, কলকতা, হাৰিয়ানা আদি ৰাজ্যৰ আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব। বাংলাদেশৰো প্ৰকাশন প্ৰতিষ্ঠানেও গোলাঘাট গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব। গ্ৰন্থমেলা কেউদিনত বিভিন্ন দল-সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত অনুষ্ঠিত হ’ব বিভিন্ন বৌদ্ধিক, সাংস্কৃতিক বৰ্ণাঢ্য কাৰ্যসূচী আৰু বিভিন্ন প্ৰতিযোগিতা। গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা-২০২৪ৰ উদযাপন সমিতিৰ সভাপতি অজন্তা নেওগ, কাৰ্যকৰী সভাপতি পূৰ্ণ ৰাজখোৱা আৰু সাধাৰণ সম্পাদক দেৱজিৎ ফুকনে আটাই কেউদিনৰ কাৰ্যসূচীত সকলো ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।
প্ৰেৰক দিগন্ত কুমাৰ বৰা