ছয়গাঁৱত ২৫.৭৩ কোটি টকা বাজেটৰ চাহ উদ্যানৰ আধাৰশিলা স্থাপন মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীৰ
নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় ৫৫ কিলমিটাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৩ কিলমিটাৰ দুৰত্বত কামৰূপ জিলাৰ ছয়গাঁৱৰ চৌধুৰীপাৰাত আজি অসমৰ চৰকাৰৰ উদ্যোগ তথা বাণিজ্য মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে চাহ উদ্যানৰ আধাৰশিলা স্থাপন কৰে।
উল্লেখ্য যে মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে আধাৰশিলা স্থাপন কৰাৰ আগমূহুৰ্তত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। পাটোৱাৰীয়ে চাহ উদ্যানৰ আধাৰশিলা স্থাপন কৰি কয় যে অসমৰ লগতে এই অঞ্চলৰ লোকসকলৰ বাবে এই উদ্যানটোৱে বৃহৎ পৰিৱৰ্তন সাধন কৰিব। এই চাহ উদ্যানত চাহ খেতিৰ উপৰি চাহ নিলাম কেন্দ্ৰ, চাহৰ গুদাম, চাহৰ গৱেষণা কেন্দ্ৰ, পেকেজিং, ব্ৰেণ্ডিংকে ধৰি চাহ উদ্যোগৰ লগত জড়িত সকলো দিশ সামৰি ল’ব।
অনুষ্ঠানত উপস্হিত থাকি অসম চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতাই ভাষণত ছয়গাঁৱৰ চৌধুৰীপাৰাত এই চাহ উদ্যানখন স্থাপন কৰাৰ বাবে অসম চৰকাৰৰ লগতে মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীক ধন্যবাদ জনায়।
আনহাতে, উদ্যোগ আৰু বাণিজ্য বিভাগৰ প্ৰধান সচিব কে কে দ্বিবেদীয়ে কয় যে অঞ্চলটোৰ আৰ্থিক বিকাশৰ ক্ষেত্ৰত এই চাহ উদ্যানৰ জৰিয়তে আৰ্থিক বিকাশৰ নতুন অধ্যায়ৰ আৰম্ভণি হ’ব।
অনুষ্ঠানত অসম উদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক আদিল খান, অসম উদ্যাগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, এবিটাৰ সচিব অভিজিৎ শৰ্মাকে ধৰি উদ্যোগ তথা বাণিজ্য বিভাগৰ কেইবাগৰাকী বিষয়া-কৰ্মী উপস্হিত থাকে।