নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢালিগাঁৱৰ পলাতক কুখ্যাত তেলচোৰ চুলতানক ৰংজুলিত গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ চিৰাং জিলাৰ ঢালিগাঁও আৰক্ষীয়ে দীৰ্ঘ সময় ধৰি বিচাৰি থকা কুখ্যাত তেলচোৰ চুলতান আলী আহমেদক কালি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে আজি সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে পলাতক তেল চোৰজনক কালি গোৱালপাৰা জিলাৰ ৰংজুলি থানাৰ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে।

এক বিশেষ সূত্ৰে জানিব পৰা মতে, ৰংজুলি থানা আৰু ঢালিগাঁও আৰক্ষীয়ে যৌথভাৱে গোৱালপাৰা-গুৱাহাটী পথত যান-বাহনত তালাচী চলাই কুখ্যাত তেলচোৰ চুলতান আলী আহমেদেক আটক কৰিবলৈ সক্ষম হয়।

পাছত চুলতানক ঢালিগাঁও থানালৈ লৈ যোৱা হয়। চিৰাং জিলা আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, ধৃত চুলতান আলী আহমেদে ভাৰতীয় তেল নিগমৰ অধীনস্থ শোধনাগাৰৰ পৰা টেংকাৰত সৰবৰাহ কৰা ডিজেল, পেট্ৰ’ল আদি গন্তব্য স্থান পোৱাৰ পূৰ্বে বাটতে চুৰ কৰি বিভিন্ন স্থানত মজুত কৰা তথা বিক্ৰী কৰাৰ অপৰাধত জড়িত।

তেওঁৰ বিৰুদ্ধে ইতিমধ্যে ঢালিগাঁও থানাত পঞ্জীয়ন হৈ থকা  গোচৰ নং ২৯৭/২০২০ ত ভাৰতীয় দণ্ড বিধি আইনৰ ধাৰা  ৩৭৯/৪১১/২৮৫, RW section 7 of EC act. R/W section 23 petroleum Act ৰ অধীনত গ্ৰেপ্তাৰ কৰি আজি কুখ্যাত তেলচোৰ জনক আদালতত হাজিৰ কৰে। আদালতে চুলতান আলী আহমেদেক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

You might also like