নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথচাৰীলৈ চোঁচা প্ৰকাণ্ড নাহৰফুটুকীৰ, ত্ৰস্তমান গাঁওবাসী

নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ লাহোৱাল থানাৰ ঘোঁৰামৰা আৰক্ষী চকীৰ অৰ্ন্তগত ঘ্ৰোগাজান চাহ বাগিছাৰ দাঁতি কাষৰীয়া ফুটাহোলা গাঁৱত কিছু দিনৰ পৰা এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে পশুধন খাই সন্ত্ৰাস সৃষ্টি কৰি অহাৰ লগতে ফুটাহোলাৰ পৰা ছাগলীকটা সংযোগী পথেৰে নিশা অহা যোৱা কৰা পথচাৰীৰ ওপৰতো মাজে সময়ে আক্ৰমণৰ চেষ্টা কৰা বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমক জানিবলৈ দিছে ৷ ইফালে সন্ধিয়া হ’লেই বাঘৰ গুঁজৰণিত ত্ৰস্তমান ৰাইজে ফুটগধূলিতে দুৱাৰ মাৰিব লগীয়া অৱস্থাও সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত ইতিমধ্যে বনবিভাগক খৱৰ দিয়াত বনবিভাগে আহি অঞ্চলতো পৰ্যবেক্ষণ কৰিয়েই দায়িত্ব সামৰিছে যদিও গঞা ৰাইজৰ অভিযোগক যিমান গুৰুত্বসহকাৰে ল’ব লাগিছিল তেনে কোনো গুৰুত্ব প্ৰৰ্দশন নকৰা বুলি অভিযোগ উঠিছে। আজি অঞ্চলটোৰ স্থানীয় ৰাইজে আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ত পিঞ্জৰা বিচাৰি আবেদন জনাইছে যদিও বনবিভাগে যথা সময়ত পিঞ্জৰা যোগান দিবলৈ সক্ষম হ’ব নে নাই তাক লৈও গঞা ৰাইজৰ সন্দেহ আছে ৷ কিয়নো ডিব্ৰুগড় জিলা বন বিভাগৰ অৰ্ন্তগত সংৰক্ষিত বনাঞ্চল সমূহৰ পৰা পিঞ্জৰা অনা নিয়া কৰিবলৈ অদ্যাপি এখনো বাহন নাই বুলি বনবিভাগৰ এক সূৰ্ত্ৰই স্থানীয় ৰাইজক অৱগত কৰাৰ লগতে যদিহে ৰাইজক পিঞ্জৰা লাগে তেন্তে নিজেই আনি ল’বলৈ আহ্বান জনাইছে বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷

প্ৰেৰক কাঞ্চনজ্যোতি গোহাঁই

You might also like