নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাৰ ৰূপাফুলিত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ অৱশেষত পিঞ্জৰাবদ্ধ হ’ল বাক্সা-বৰপেটাৰ সীমামুৰীয়া অঞ্চলত সন্ত্ৰাস চলাই অহা প্ৰাপ্তবয়স্ক নাহৰফুটুকীটো। উল্লেখ্য যে বিগত দিন ধৰি বাঘৰ ত্ৰাসত আতংকিত হৈ আছিল বাক্সাৰ ৰূপাফুলি, সোনাফুলি, বৰঘোপা, হাৰাংপাৰা লগতে বাক্সা-বৰপেটা সীমামুৰীয়া অঞ্চলসমূহৰ ৰাইজ। তিনিটা দিন ত্ৰাস চলোৱাৰ অন্তত অৱশেষত আজি পুৱতিনিশা বাক্সা জিলাৰ শালবাৰী মহকুমাৰ ৰূপাফুলীত বন বিভাগে পূৰ্বৰ পৰাই সাজু কৰি ৰখা পিঞ্জৰাত আবদ্ধ হয় নাহৰফুটুকীটো। মাইকী প্ৰাপ্তবয়স্ক নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাৰ খবৰ পোৱাৰ পিছতে প্ৰচণ্ড বৰষুণৰ মাজতো বাঘ চাবলৈ হেতা ওপৰা লাগে স্থানীয় ৰাইজৰ মাজত। পিছত বন বিভাগৰ লোকে নাহৰফুটুকীটো ট্ৰেংকুলাইজ কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যায়। পৰৱৰ্তী সময়ত বাঘটো স্বাস্থ্য পৰীক্ষা কৰি মানাহৰ ঘন অৰন্যত মুকলি কৰি দিব বুলি জানিবলৈ দিয়ে বন বিভাগৰ লোকে। এইফালে, বিগত দিনকেইটাত একাংশ লোকে সামাজিক মাধ্যমযোগে ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা ঢেঁ‌কীয়াপতীয়া বাঘৰ ফটো আৰু ভিডিঅ’ প্ৰচাৰ কৰা কাৰ্যক সকীয়নি দি মানাহৰ পৰা নাতিদূৰৰ এনে জনাঞ্চলত বাঘৰ বিচৰণৰ কথাটো আমি নুই কৰিবও খোজা নাই, যিহেতু পূৰ্বতেও মানাহৰ পৰা বিভিন্ন বন্যপ্ৰাণী ওলাই আহি কাষৰীয়া জনাঞ্চলত প্ৰৱেশ কৰাৰ বহুতো নজিৰ আছে ৷ সেয়েহে কোনেও যাতে উৰাবাতৰিৰ সৃষ্টি নকৰে৷ শালবাৰী অঞ্চলৰ কোনো স্থানত বাঘ বা আন বন্যপ্ৰাণী দৃষ্টিগোচৰ হ’লে শীঘ্ৰেই বন বিভাগ, আৰক্ষীক খবৰ কৰাৰ আহ্বান জনায় বন বিষয়াগৰাকীয়ে। উল্লেখ্য যে শুকুৰবাৰে বৰপেটাৰ বাৰাগুৱাত কদম আলি নামৰ লোকজনক বাঘে আক্ৰমণ কৰি গুৰুত্বৰভাৱে আহত কৰাৰ লগতে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত সোনাফুলি, ৰূপাফুলি, বৰঘোপা অঞ্চলত কেইবাটাও পশুধন নিধন কৰিছিল বাঘে। যাক লৈ আতংকিত হৈ পৰিছিল সীমামূৰীয়া অঞ্চলৰ ৰাইজ। আনফালে কালি নিশা শালবাৰী মহকুমাৰ অন্তৰ্গত হুদুখাটা, সাউদৰভিঠা, হাঠিনাপুৰ অঞ্চলত বাঘৰ বিচৰণৰ খবৰ বিভিন্ন সামাজিক মাধ্যমযোগে চৰ্চিত হৈ আছে ৷ ইয়াকে লৈ বাঘৰ বিভিন্ন ফটোও কোনো কোনোৱে বিভিন্ন হোৱাটচএপ্ গ্ৰুপত দিয়া পৰিলক্ষিত হৈছে, কিন্তু সেই ফটোবোৰ ইয়াৰ নহয়, ইণ্টাৰনেটৰ পৰা লৈ এই অঞ্চলত ওলোৱা বাঘৰ ফটো বুলি প্ৰতিপন্ন কৰিব বিচৰা পৰিলক্ষিত হৈছে ৷

প্ৰেৰক লৱ কুমাৰ দাস

You might also like