ড॰ নাহেন্দ্ৰ পাদুনক জীৱনজোৰা সাধনা বঁটা মিচিং আগম কৗবাঙৰ
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ মিচিংসকলৰ ভাষা-সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে জন্মলগ্নৰে পৰা প্ৰচেষ্টা চলাই অহা মিচিং আগম কেবাঙে বিশিষ্ট ভাষাতত্ববিধ, চিন্তাবিদ তথা ‘আগম মিগাং’ নাহেন্দ্ৰ পাদুনক শিৱসাগৰ বৰ্ডিং খেলপথাৰত আয়োজিত এক বিশেষ অনুষ্ঠানত প্ৰদান কৰিলে ‘জীৱনজোৰা সাধনা বঁটা’৷
📌পঢ়িব পাৰে ভূমি বিবাদৰ ভয়ংকৰ পৰিণতি, দিন দুপৰতে গৃহদাহ
অনুষ্ঠানত ‘অভিনন্দন আগম মিগাং ড॰ নাহেন্দ্ৰ পাদুন’ শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰতিষ্ঠাপক উপাচাৰ্য তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ প্ৰাধ্যাপক ড॰ জ্যোতিপ্ৰসাদ শইকীয়াই৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিশিষ্ট ভাষাতত্ববিধ তথা ‘আগম মিগাং’ নাহেন্দ্ৰ পাদুনক শিৱসাগৰ বৰ্ডিং খেলপথাৰত আয়োজিত বিশেষ অনুষ্ঠানটিত শিক্ষামন্ত্ৰীগৰাকীয়ে নিজ হাতেৰে গাদু, য়কচা, গনৰ’ উগন, মিবু গালুগ, সম্বৰ্ধনা পত্ৰ, স্মাৰক, কিতাপৰ টোপোলাৰ লগতে এক লাখ টকাৰ চেকসহ প্ৰদান কৰিলে ‘জীৱনজোৰা সাধনা বঁটা’৷
প্ৰেৰক প্ৰশান্ত বৰগোহাঁই