চিমেন চাপৰিত অনিয়মীয়া বিদ্যুৎ সেৱাই জ্বলাকলা খুৱাইছে গ্ৰাহকক
ফুটুকাৰ ফেনত পৰিণত হৈছে মোদীৰ ডিজিটেল ইণ্ডিয়া, ষ্টাৰ্ট আপ ইণ্ডিয়াৰ সপোন
নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ অনিয়মীয়া বিদ্যুৎ সেৱাই জ্বলাকলা খুৱাইছে চিমেন চাপৰিৰ ৰাইজক। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত বিদ্যুতেই হৈছে উন্নয়নৰ মূল চাবিকাঠি। কিন্তু আজি ৰাজ্যখনৰ অধিকাংশ গ্ৰাম্যাঞ্চলতেই বিদ্যুৎ সেৱা উপলদ্ধ নহয় আৰু বিদ্যুত সংযোজিত অধিকাংশই নিয়মীয়া বিদ্যুৎ সেৱা পাবলৈ সক্ষম হোৱা নাই । চিমেন চাপৰিত প্ৰায়েই বিদ্যুতৰ যোগান অনিয়মীয়া হৈ আহিছে । যাৰ ফলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়া, ষ্টাৰ্ট আপ ইণ্ডিয়া, নিউ ইণ্ডিয়াৰ সপোন ফুটুকাৰ ফেনত পৰিণত হৈছে।
ইপিনে কৰো’ণা ভাইৰাছৰ প্ৰভাতত চৰকাৰে ছাত্ৰ-ছাত্ৰীক অনলাইন শিক্ষাৰ ব্যৱস্থা কৰিছে যদিও বিদ্যুতৰ অনিয়মীয়া যোগানৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে বঞ্চিত হবলগা হৈছে এই সুবিধাৰ পৰা।অসম চৰকাৰে নতুন উদ্যোগ নীতি গ্ৰহণ কৰি ৰাজ্যখনত উদ্যোগীকৰণৰ লক্ষ্য ৰাখি ইয়াৰ বাবে আঁচনি হাতত লব তৎপৰ হৈছে কিন্তু সৰ্বসাধাৰণ ৰাইজকে বিদ্যুৎ যোগান ধৰিবলৈ সক্ষমতা হোৱা নাই চৰকাৰৰ শক্তি বিভাগে।এনে পৰিস্থিতিত ৰাজ্যৰ উন্নয়নৰ প্ৰকৃত ফোপোলা স্বৰূপটো বাৰুকৈয়ে উদঙাই দিছে। চিমেন চাপৰিতো বিদ্যুতৰ অনিয়মীয়া যোগানক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।