ৰহা বালিপাৰা পলাশচন ডেকাৰজাৰ হাৰত পৰশত প্ৰাণ পাই উঠিছে কাঠ-বাঁহেঃ লক-ডাউনে সলনি কৰিছে ভাস্কৰ্য শিল্পীৰ কৰ্ম ঠিকনা!
নিয়মীয়া বাৰ্তা ১৫ জুলাইঃ শিল্পীৰ যাদুকৰী হাতৰ পৰশত প্ৰাণ পাই নিৰ্জীৱই। কৃত্ৰিমতাৰ মাজত গঢ় লয় প্ৰকৃতিয়ে। সৃষ্টিৰ সুন্দৰতাই কঢ়িয়াই আনে সন্তুষ্টিৰ বাৰ্তা আৰু সফলতাৰ অনন্য নিৰ্দশন। সৃষ্টিৰ কঠোৰ পৰিশ্ৰমে যেতিয়া আদৰ লাভ কৰে সেয়া হয় অনুপ্ৰেৰণা আৰু অনাদৰে কঢ়িয়াই হতাশাৰ ধুমুহা। হয়, নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত বালিপাৰাৰ এগৰাকী ভাস্কৰ্য শিল্পী নাম পলাশচন ডেকাৰজা। এইজন শিল্পীৰ হাতৰ পৰশত প্ৰাপ পাই উঠিচে কাঠ আৰু বাঁহে। শিল্পীজনাৰ হাতৰ পৰশে ৰূপ সলাই দিব পাৰে নিৰ্জীৱক। কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ শিল্পী পলাশচন ডেকাৰজাই ছাত্ৰাৱস্থাৰ পৰাই চিত্ৰ-ভাস্কৰ্য শিল্পৰ প্ৰতি আকৰ্ষিত হৈ একাগ্ৰতাৰে শিল্প সাধনাত ব্ৰতী হৈছে। চিত্ৰ-ভাস্কৰ্যৰ আনুষ্ঠানিক শিক্ষাৰ অবিহনে ছবি চাই ছবি অঁকাৰ বিশেষ ক্ষমতাৰে পাছলৈ কাঠ-বাঁহত মূৰ্তি কাটিবলৈ সক্ষম হয়। কাগজৰ ছবি চাই চাই চিত্ৰ অংকন কৰি পাছলৈ কাঠ আৰু বাঁহত প্ৰাণ দিছিল তেঁও।
কেৱল সেয়াই নহয় নৰা, খেৰ, চিমেন্ত আদিৰেও বিভিন্ন মূৰ্তি আদি নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষিত কৰিছিল। ইয়াৰ দ্বাৰা শিল্পী গৰাকীয়ে উপাৰ্জনৰ পথো নিৰ্মাণ কৰিছিল। কিন্তু শেহতীয়াকৈ হোৱা মহামাৰী ক’ৰণাৰ লকডাউনে শিল্পী গৰাকীৰ বাৰুকৈ বিপদত পেলালে। ফলত অন্য কৰ্ম এৰি এইবাৰ বাঁহ-বেতৰ কৰ্মৰে নিজকে স্বাৱলম্বী হ’বলৈ জীৱন যুঁজত নামি পৰিল। চৰকাৰী কোনো সাহাৰ্যৰ অবিহনে এই বাঁহ-বেতৰ সামগ্ৰী নিৰ্মাণেৰে আগবাঢ়িল শিল্পী পলাশচন ডেকাৰজাৰ জীৱন সংগ্ৰামৰ অভিযান।সময় পালেই সাজি উলিয়াই বাঁহ-বেতেৰ চোফা,টেবুল আৰু অন্যান্য সামগ্ৰী। বৰ্তমান লকডাউনত যদিও বিক্ৰী কম তথাপিও অতি কষ্ট কৰি মাহেকত কিছু অৰ্থ উপাজনত ব্যস্তহৈ পৰিছে ভাস্কৰ্য শিল্পী গৰাকী। তিনি কন্যা সন্তান আৰু পত্নী সহ সংসাৰ চলোৱা পলাশচন ডেকাৰজাই বিগত কিছুদিনৰ পৰা এক উপশিৰা জনিত ৰোগতো আক্ৰান্ত হৈছে। তথাপিও নিজৰ সৃষ্টিৰ হেঁপাহ আৰু জীৱন যাত্ৰাৰ তাগিদাত এনেদৰে বাঁহ-বেতৰ সামগ্ৰী নিৰ্মাণ কৰি সময় নিয়াইছে এইজন শিল্পীয়ে।
কিন্তু অতিকৈ চিন্তনীয় বিষয় যে, মৰিগাঁও তিৱা স্বায়ত্ব শাসিত পৰিষদৰ এলেকাধীন বালিপাৰাৰ তিৱা যুৱক তথা উদীয়মান ভাস্কৰ্য শিল্পী পলাশচন ডেকাৰজাই আজিও তিৱা পৰিষদৰ পৰা কোনো সাহাৰ্য বা সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই। যিটো সময়ত তিৱা স্বায়ত্ব পৰিষদীয় এলেকা উন্নয়নৰ বাবে চৰকাৰে বছৰি কোটি কোটি টকা আৱন্টন প্ৰদান কৰি আহিছে যদিও ইয়াৰ ভিতৰত পলাশচন ডেকাৰজাৰ দৰে খাটিখোৱা থলুৱা তথা নৱ প্ৰতিভাৰে পুষ্ট উদীয়মান শিল্পী সকলে কোনো বিশেষ সুবিধা লাভ কৰা নাই। সচেতন মহলৰ ধাৰণা যদিহে এইসকল প্ৰতিভাৱান শিল্পীয়ে চৰকাৰী ভাৱে কিছু আৰ্থিক সাহাৰ্য লাভ কৰা হ’লে নিজৰ লগতে আন দহজন যুৱকক আত্মনিৰ্ভৰশীলৰ বাবেও উৎসাহ যোগাবলৈ সক্ষম হ’লহেতেন। এই সন্দৰ্ভত স্থানীয় সচেতন ব্যক্তি প্ৰহ্লাদ মছৰঙে নিজৰ মতামত প্ৰকাশ কৰি কয় যে, পলাশচন ডেকাৰজাই বহুদিনৰ পৰাই চিত্ৰ আৰু ভাস্কৰ্য শিল্পত জড়িত হৈ আছে যদিও ইয়াৰ সমান্তৰাল ভাৱে কৃষি কৰ্মতো ব্যস্ত হয়। সময় অনুযায় জিলাখনৰ বিভিন্ন অধিবেশন, উৎসৱ -পাৰ্ৱণত বিভিন্ন প্ৰকৃতিৰ দৃশ্য, মূৰ্তি আদি নিৰ্মাণত অতি পাকৈত আৰু দক্ষতা থকা শিল্পী। কিন্তু কিছু সময়ত শাৰীৰিক অসুস্থতাৰ বাবে নিজৰ সৃষ্টি কৰ্মত থমকি ৰ’ব লগা হয়। তদুপৰি অন্যান্য কিছু সমস্যাও আছে। সেহে শিল্পী গৰাকীৰ সৃষ্টিৰ ধাৰাবাহিকতা ৰক্ষাৰ বাবে চৰকাৰে বা তিৱা স্বায়ত্ব পৰিষদে বিশেষ পদক্ষেপ গ্ৰহণ কৰে তেতিয়া পলাশচন ডেকাৰজা লগতে তেনেধৰণৰ শিল্পী সমূহে নিজৰ লগতে দহজন যুৱকক আত্মসংস্থাপন হ’বলৈ উদগণি যোগাব বুলি কয়।