নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঠিকাদাৰে নিম্নমানদণ্ডৰে নিৰ্মাণৰ কাম চলাইছে ৰামধন বগৰীগুৰী পিএমজিএছৱাই পথত

বিভাগক তদন্ত কৰি সঠিকভাৱে নিৰ্মাণৰ কাম কৰাৰ দাবী স্থানীয় ৰাইজৰ

নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰঃ জোনাই মহকুমাৰ লাইমেকুৰী আৰু ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ গঞা ৰাইজৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈ অহা ৰামধন বগৰীগুৰী সংযোগী পিএমজিএছৱাই পথছোৱাৰ পুনৰ নিৰ্মাণৰ কাম অতি নিম্মমানৰ হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। নিৰ্মীয়মান পথছোৱাৰ দমকল ঘাট অংশত ভঙা শিল,বালি আৰু আলকতৰা সঠিকভাৱে ব্যৱহাৰ নকৰাৰ উপৰি প্ৰয়োজন সাপেক্ষে পানী যোগান ধৰি ৰোলাৰ নমৰাৰো অভিযোগ আনিছে স্থানীয় ৰাইজে।

পথছোৱাৰ ঠিকা কাম আৱন্টন লাভ কৰা প্ৰদীপ ৰাতী নামৰ ঠিকাদাৰ জনে ৰামধন বগৰীগুৰী সংযোগী পিএমজিএছৱাই পথৰ পুনৰ নিৰ্মাণৰ কাম অতি নিম্মমানৰ আৰু পালমৰা কাম কৰি ৰাজহুৱা ধন আত্মহাত কৰিবলৈ লোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি লোকনিৰ্মাণ (পথ) বিভাগৰ জোনাই সংমণ্ডলৰ কনিষ্ঠ অভিযন্তা গৰাকীয়ে এইক্ষেত্ৰত চকু মুদা কুলিৰ ভাওজুৰি দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰ জনক ৰক্ষণাবেক্ষণ দিয়া বুলিও ৰাইজৰ মাজত সৰৱ চৰ্চ্চা চলিছে। চৰকাৰ,প্ৰশাসন আৰু বিভাগক ইয়াৰ উচিত তদন্ত কৰি পথছোৱা উন্নতভাৱে নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে।

You might also like