নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লামডিং সংৰক্ষিত বনাঞ্চলত পুনৰ চলিল উচ্ছেদ অভিযানঃপ্ৰথম পৰ্যায়ত তৃতীয় দিনৰ বাবে অভিযান চলিল বনাঞ্চলখনৰ থেদংনলাত

নিয়মীয়া বাৰ্তা    ১১ নৱেম্বৰঃ  হোজাইৰ লামডিং বনাঞ্চলত আজি পুনৰ চলিল উচ্ছেদ অভিযান।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত প্ৰথম পৰ্যায়ৰ ৮ আৰু ৯ নৱেম্বৰত দুদিনীয়া উচ্ছেদৰ পাছত ৩য় দিনৰ বাবে বনাঞ্চলখনৰ থেদংনলা নামৰ ঠাইডোখৰত হোজাই জিলা প্ৰশাসনে উচ্ছেদ চলাবলগীয়া হয়।বনাঞ্চলখনৰ উক্ত ঠাইখণ্ডত ৫৫ টা চাকমা জনগোষ্ঠীৰ পৰিয়ালে আঁকোৰগোজ স্থিতি গ্ৰহণ কৰি বনাঞ্চলখন এৰি যোৱা নাছিল।যাৰবাবে জিলা প্ৰশাসনে নিৰ্ধাৰিত দুদিনীয়া উচ্ছেদৰ পাছত আজি ৩য় দিনৰ বাবে উচ্ছেদ অভিযান চলাবলগীয়া হয়।

ইয়াৰ বাবে আজি পুৱা সংশ্লিষ্ট অঞ্চলটোত উচ্ছেদৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি লৈ হোজাই জিলা প্ৰশাসন উপস্থিত হয়।কিন্তু যোৱা দুটা দিনৰ শান্তিপূৰ্ণ উচ্ছেদ অভিযান সমাপ্ত কৰা জিলা প্ৰশাসনে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি উচ্ছেদ চলাবলৈ গৈ থমকি ৰয়।শান্তি বিঘ্নিত নোহোৱাৰ স্বাৰ্থত প্ৰশাসনে লোকসকলৰে আলাপ-আলোচনাত মিলিত হয়।এইলোকসকলে বাসস্থানৰ বাবে উপযুক্ত ভূমিৰ লগতে কৃষিকাৰ্য কৰিবলৈ খেতিৰ মাটি বিচাৰি দাবী জনায়।শেষত আলোচনা প্ৰক্ৰিয়াৰ অন্তত জিলা প্ৰশাসনৰ অনুৰোধ ৰক্ষা কৰি গাওঁখনৰ ৫৫ টা পৰিয়ালে সংস্থাপিত কৰা ডেকাবস্তিৰ চৰকাৰী ভূমিলৈ স্থানান্তৰিত হয়। নিজৰ-নিজৰ বয়বস্তু ডেকাবস্তি অঞ্চললৈ ৰাওনা হয়।এই লোকসকলে প্ৰকাশ কৰে যে, তেওঁলোক এই অঞ্চলটোত বিগত ৪০/৫০ বছৰ ধৰি বসবাস কৰি আহিছে।
তেওঁলোকৰ পিতৃ পুৰুষ সকলো বনাঞ্চলখনৰ এই ভূমিতেই পৰিয়াল সহ বাস কৰিচিল আৰু ইয়াতেই মৃত্যুবৰণ কৰিচে।তেওঁলোকে কয়, “বিগত বহুবছৰ ধৰি আমি লামডিং বিধানসভা সমষ্টিত ভোটাধিকাৰ সাৱ্যস্ত কৰি আহিছো। চাৰ্কেবস্তি গাওঁ পঞ্চায়তত ভোট দি প্ৰতিনিধি নিৰ্বাচন কৰিচো।আমি কেনেকৈ বেদখলকাৰী হ’লো”। তেওঁলোকে লগতে এই সমগ্ৰ বিষয়টিৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰা বুলি প্ৰকাশ কৰে।আনহাতে, আজিৰ প্ৰথম পৰ্যায়ত ৩য় দিনৰ বাবে হোৱা উচ্ছেদ অভিযানত বেদখলকাৰী এই ৫৫ ঘৰ লোকৰ বাসগৃহত প্ৰশাসনৰ হাতোৰা নপৰিল। ব্যৱহাৰ নহল এক্সাভেটৰ,টেক্টৰ আৰু হাতী।ইয়াৰ পৰিৰ্ৱতে বেদখলকাৰী এই পৰিয়াল কেইটাই হোজাই প্ৰশাসনৰ ওচৰত দুটা দিনৰ সময় বিচাৰিলে।তেওঁলোকে প্ৰশাসনৰ ওচৰত অতি কষ্টৰে সাজিলোৱা মৰমৰ ঘৰখন নিজহাতে ভাঙি ব্যৱহাৰ যোগ্য সামগ্ৰী সমূহ সংস্থাপিত স্থানলৈ লৈ যাব দিয়াৰ অনুৰোধ জনালে। এইক্ষেত্ৰত প্ৰশাসনে লোকসকলক দুটা দিনৰ সময় বান্ধি দিয়ে।

উল্লেখ্য যে, এই থেদংনলা হ’ল বনাঞ্চলখনৰ হাতীৰ বসতিৰ হৃদপিণ্ড স্বৰূপ।ইয়াতেই হস্তী সংৰক্ষিত বনাঞ্চলখনৰ হাতীয়ে মূল বাসস্থান হিচাপে ব্যৱহাৰ কৰি আহিছিল। ইপিনে,বনবিভাগৰ এক তথ্যমতে লামডিং সংৰক্ষিত বনাঞ্চলখনত মুঠ ভূমিৰ পৰিমাণ ২৫৪৫ হেক্টৰ।ইয়াৰে ১৪শ হেক্টৰ ভূমি বেদখলকাৰীৰ কৱলত আছিল।হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰীয়ে কয় যে, যোৱা ৮ আৰু ৯ নৱেম্বৰত বনাঞ্চলখনৰ ১৩শ হেক্টৰ ভূমি বেদখলমুক্ত কৰা হৈছে।এই দুয়োটা দিনত বনাঞ্চলখনত থকা ৬৮১ টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। থেদংনলাত থকা ৫৫ টা পৰিয়ালে এশ হেক্টৰ ভূমি বেদখল কৰি আছিল। পৰিয়ালক উচ্ছেদ কৰা হৈছে। থেদংনলাত থকা ৫৫ টা পৰিয়ালে এশ হেক্টৰ ভূমি বেদখল কৰি আছিল।

You might also like